পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাত
মাৰি
২২৮


কোনো মানুহে কথা কওঁতে হেঁচা দি কথা কয়। এতেকে,— অস্পষ্ট বা বিকৃত মাত, defective tone.

মাত হৰা—-ক্ৰি, মাত-হৰণ হোৱা অৰ্থাৎ উত্তৰ নাইকিয়া হোৱা, to be dumb-founded.

মাতৰ তিতা—বিং, তিতা মাত অৰ্থাৎ কেটেৰা-জেঙ্গেৰা মাত, an acrimonious tongue.

মাধমৰীয়া মাৰ—বিং, [ মাধৱমৰীয়া মাৰ ] কোনো ডাঙ্গৰ কাম কৰিবলৈ হলে “মাধৱ” বুলি আৰম্ভ কৰা হয়। এতেকে,—মাধৱ বুলি আৰম্ভ কৰা প্ৰহাৰ অৰ্থাৎ ডাঙ্গৰ প্ৰহাৰ, a severe beating.

মান্ধাতাৰ দিনত— ক্ৰি-বিণ,মান্ধাতা সত্যযুগৰ ৰজা আছিল। এতেকে,— বহুকাল পূৰ্ব্বে, in times of yore, in remote past, long ago.

মানিলে ধান হোৱা, নামানিলে পতান হোৱা-ক্ৰি, (ধান=সাহ থকা বস্তু। পতান=সাহ নথকা বস্তু। ) মনেৰে যেনে ভাব কৰে তেনে মূল্যবান বা মূল্যহীন বস্তু-স্বৰূপ হোৱা, to be as a valuable or a worth- less thing according as it is looked at from this or that point of view.

মানুহৰ লগৰ মানুহ—বিং , প্ৰকৃততে যাক মানুহ বুলিব পৰা যায়, সেই মানুহৰ লগৰ মানুহ অৰ্থাৎ যোগ্য মানুহ, a worthy man.

মানে যহে থকা— কোনো কাৰ্য্য কৰিলে মান আৰু যশস্যা নষ্ট হবৰ সম্ভাৱনা থকা স্থলত সেই কাৰ্য্য নকৰি মান আৰু যশস্যাৰে থকা অৰ্থাৎ মান আৰু যশস্যা অটুট ৰখা , to maintain one's reputation unimpaired.

মাম—বিং, মাত নুফুটা কেঁচুৱা লৰাই 'মাম’ এনে শব্দ উচ্চাৰণ কৰে; মাকে তাৰপৰা ধৰি লয়, যে লৰাই ভোক লাগি ভাত খুজিছে। এতেকে,—ভাত, (কেঁচুৱা লৰাৰ মাত ), boiled rice (used by baby).

মাৰি যাওঁ মৰি যাওঁ কৰি ধৰা—ক্ৰি, ’তোকো মাৰি যাওঁ, মইও মৰি যাওঁ’ এই বুলি যুঁজ কৰিবলৈ ধৰে বোলা হৈছে। এতেকে,—জীৱনৰ আশা এৰি দি কোনো কাৰ্য্য কৰিবলৈ ধৰা , to take to doing a