পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাকতকৈ
মাতৰ
২২৭

mouth, to lead a wretched life.

মাকতকৈ জীয়েক কাজী হোৱা — ক্ৰি, মাকৰপৰা হে জীয়েকে শিক্ষা পায়। এতেকে, - ওজাতকৈ ছাত্ৰ অধিক পাৰ্গত হোৱা, (ব্যঙ্গাৰ্থ), the outstripping of the master by the pupil, (used ironi cally).

মাকালে খোৱ— ক্ৰি, [ মহা-আকালে পোৱা ] ডাঙ্গৰ অভাৱত কষ্ট পোৱা, to be afflicted with dire want.

মাকো মৰা— ক্ৰি, তাঁত বওঁতে মাকোটো ইফালৰপৰা সিফালে আৰু সিফালৰপৰা ইফালে এই দৰে মাৰি থকা হয়। এতেকে,—ঘনাই অহা যোৱা কৰি থকা, to go backward and forward.

মাগুৰ কচা দিয়া—ক্ৰি, মাগুৰ মাছ যিরূপে কচে সেইৰূপে কচা, ক্ষত-বিক্ষত কৰা, ভীষণ অত্যাচাৰ কৰা, to mutilate, to torture horribly.

মাছ খোৱা উদ—বিং, উদে মাছ দেখিলে তাৰ লোভ সামৰিব নোৱাৰে। লুভীয়া মানুহক উদেৰে তুলনা কৰা হৈছে। এতেকে,—লুভীয়া মানুহ, a glutton.

মাছ বুলি নাই জিজি বুলি খোৱা—ক্ৰি, কেঁচুৱা লৰাই মাছক জিজি বোলে। এতেকে,—একেটা কাৰ্য্যকে বেলেগ নামেৰে কৰা, কোনো কাৰ্য্য পোনপটীয়াকৈ নকৰি আওপাকে কৰা, to do the same thing under a different name.

মাজ সাগৰত নাও বুৰা—ক্ৰি, সাগৰৰ মাৰ ঠাইত নাও বুৰিলে ৰক্ষাৰ উপায় নাথাকে। এতেকে,—সাৰিব নোৱৰা বিপদত বা দুৰ্ঘোৰ সংকটত পৰা, to be shipwrecked in mid-sea, to fall into the greatest disaster.

মাণিকী-মাকৰ কঁৰিয়া—বিং, (মাণিকী=জীয়েকৰ নাম। মাণিকীৰ মাক = ঘৈণীয়েক। কঁৰিয়া-=কাণত পিন্ধা অলংকাৰ। ) গিৰিয়েকে ঘৈণীয়েকৰ কাণৰ কঁৰিয়া জোৰ বৰ শুৱনী দেখে। এতেকে,—অতি শুৱনী মানুহ। (ধেমেলীয়া প্ৰয়োগ) a very beautiful person (used playfully).

মাতৰ হেনা-হুচাঁ— বিং, (হেনা-হুচাঁ= হেনা-হেচাঁ, হেনা অনুৰূপ শব্দ। )