পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহে
মহাদেৱ
২২৬

আঠুৱাৰ বেৰ খুচি দিয়ে। চহকী মানুহে ডাঙ্গৰ আঁঠুৱা ওখকৈ তৰে। তাকে দেখি দুখীয়া মানুহেও তাৰ চাপৰ আঠুৱাকে যহ কৰি ওখকৈ তৰে। তেনে কৰাত আঁঠুৱা দাং খাই থাকি মহ আঁঠুৱাৰ ভিতৰলৈ সোপা-সোপে সোমায়। এতেকে,—প্ৰকৃত আৱশ্যকতাৰ ফালে চকু নাৰাখি যশস্যাৰ কথা ভাবি কোনো কাৰ্য্য কৰা, to do a thing with an eye to what others would think of it without taking care to set as to how it would serve one's purpose, to act from the stand point of beauty instead of utility.

মহে তেজ এটোপা নোখোৱা মানুহ—বিং , মহে কামুৰি তেজ খায়। সি এই কাৰ্য্যৰ দ্বাৰা যৎসামান্য অপকাৰ কৰিব পাৰে। এই স্থলত কোৱা হৈছে, যে মহে তেজ এটপাোও খোৱা নাই। এতেকে,— যৎসামান্য অপকাৰো নোহোৱা মানুহ অৰ্থাৎ যি মানুহে এতিয়াও জীৱন সংগ্ৰা- মত সোমোৱা নাই আৰু তাৰ ভীষণতা বুজিব পৰা নাই তেনেকুৱা ডেকা মানুহ; বিপদত নপৰা জীৱনৰ প্ৰথম অৱস্থাৰ মানুহ, a per- son in full vigour and health who has not yet suffered in the battle of life.

মহাদেৱে কৃষি কৰা—ক্ৰি, মহাদেৱ ভিক্ষাৰী আছিল। পাৰ্ব্বতীয়ে কৃষি কৰিবলৈ কোৱাত, তেওঁ এনে একান্ত মনেৰে কৃষি কৰিবলৈ ধৰিলে যে, ভাত- পানী খাবলৈ পাহৰি গল। এতেকে,—সাধাৰণতঃ অমনোযোগী মানুহে কোনো এসময়ত অতিৰিক্ত মনোযোগেৰে কাৰ্য্য কৰা, to work with the utmost zeal in a particular matter, being ordinarily given to do things in a slipshod manner.

মহাদেৱ ভিক্ষালৈ নগলে টেকেলি কাতি হোৱা—ক্ৰি, ভিক্ষান্নৰ দ্বাৰা মহাদেৱৰ আহাৰ চলে। ভিক্ষান্ন টেকেলিত থোৱা হয়। টেকেলিত অন্ন থাকিলে টেকেলি থিয় হৈ থাকে, অন্ন নাথাকিলে সি কাতি হৈ পৰে। যি দিনা মহাদেৱে ভিক্ষালৈ নাযায়, সেই দিনা কাজেই টেকেলি কাতি হৈ থাকে। এতেকে,—দিনে ভিক্ষা কৰি দিনে প্ৰাণ ধাৰণ কৰা অৰ্থাৎ অতি কষ্টেৰে জীৱন ধাৰণ কৰা, to live from hand to