পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মদাৰ গছৰ পৰ পৰা-- ক্ৰি,, মদাৰ গছ কাঁইটীয়া৷ কাঁইটত ধৰি বগাবলৈ চল পায় দেখি মদাৰ গছত পাণ লগোৱা হয়৷ কিন্তু ইপিনে কাঁইটৰ নিমিত্তে তাৰ পান পাৰিবলৈ বৰ টান হয়। এতেক,-কোনো জঞ্জলীয়া কাৰ্য্য কৰা to do a piece of troublesome work.

মন ওফৰা- ক্ৰি, কোনো বস্তু উফৰিলে সি গৈ যতে ততে এঠাইত পৰে। সইৰুেপে মানুহৰ মন গৈ হঠাৎ কহবাতি পৰে গৈ বোলা হৈছে। এতেকে, হঠাৎ কিহবালৈ মন যোৱা , to have one's attention fitfully drawn towards anything.

মন গা উধোয়া -ক্ৰি, (উধোৱা= উৰ্দ্ধ হোৱা) মানসিক আৰু শাৰীৰিক শক্তি বৃদ্ধি হোৱা, উৎসাহিত হোৱা, to be inspirited.

মন পতিওৱা—ক্ৰি, (মনক পতিওৱা) মনে যাতে পতিয়ায় এনেভাৱে তাক নিজে নিজে বুজোৱা, to cause the mind to believe a thing by some sort of reasoning which though not strictly logical affords relief to it.

মন-বলী--বিণ, ডাঙ্গৰ কাৰ্য্য কৰিব পাৰিম বুলি মনত বল থকা অৰ্থাৎ সাহি য়াল, spirited.

মন হলে ছন কৰিব পৰা—ক্ৰি, (ছন=উচ্ছন্ন) কোনো ঠাই উচ্ছন্ন কৰিবৰ নিমিত্তে যদি প্ৰৱল ইচ্ছা হয়, তেনেহলে সেই কাৰ্য্য নিশ্চয় কৰিব পৰা যায় বোলা হৈছে। এতেকে-একান্ত ইচ্ছা হলে কাৰ্য্য কৰিবলৈ বাট ওলোৱা, to find a way to do a thing if one has the will to do it.

মনে খনা পুখুৰিত পানী খাবলৈ নোপোৱা—ক্ৰি, যি পুখুৰি দৰাচলে খনা হয়, তাত মানুহে পানী খাবলৈ পায়। কিন্তু যি পুখুৰি খানিম বুলি মনেৰে প্ৰস্তাৱ কৰা হয়, সেই পুখুৰি পাচত কাৰ্য্যতঃ খনা হৈ নুঠে৷ কাজেই তাত পানী খাবলৈ পোৱা নাযায়। এতেকে-কল্পনা বা কাৰ্য্য সিদ্ধি কৰবি নোৱৰা, not to be able to enjoy the fruit of a scheme built up by the imagination.

মন্ত্ৰ পঢ়ুওৱাদি পঢ়ুওৱা--ক্ৰি, পুৰোহিতে মন্ত্ৰ পঢ়ুৱায় আৰু যজমানে সেই মতে অবিকল গাই যায়৷ এই কাৰ্য্য আহুকলীয়া। এতেকে,-- আহুকালেৰে শিকোৱা, to teach with care and trouble,