পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মইনা
মথুৰা-পাগ
২২১


মানুহ হব"। বাপেকে উত্তৰ দিলে “মই মৰিলে মোৰ মোৰ পো ৰজা হওক। ” (অৰ্থাৎ এই মৰাৰ পাচত যদি মোৰ পো ডাঙ্গৰ মানুহ নালাগে ৰজাই হয়, তেনেহলেও মোৰ লাভ নাই, কিয়নো মই নিজে তেতিয়া কোনো সুখভোগ কৰিবলৈ নাপাম’। ) এতেকে,— ভোগ কৰিবলৈ নোপোৱা সৌভাগ্য পোৱা. to have a fortune too late for personal enjoyment.

মইনা চৰাই পঢ়ুওৱা দি পঢ়ুওৱা—ক্ৰি,মইনা চৰায়ে মানুহৰ মাত লয়, কিন্তু তাক বহু কষ্ট কৰি পঢ়ুৱালে হে কোনো কথা শিকিব পাৰে। এতেকে,— বহু কষ্টেৰে শিকোৱা, to teach labouriously.

মকৰা হিচাব— বিং, মকৰাই এডাল এডাল কৰি সূতা পাৰি জাল প্ৰস্তুত কৰে। এতেকে,—একৰ পৰিমাণলৈ নমাই তাৰ গুণ ধৰি বঢ়াই নি উলিওৱা হিচাব, the unitary Method of Arithmetic.

মঙ্গহ গোন্ধোৱা—ক্ৰি, একে বংশৰ মানুহৰ ভিতৰত একে মঙ্গহৰ সঁচ থাকে। কোনো কোনো জন্তুৱে আঁতৰত থাকিলেও মঙ্গহৰ গোন্ধ পায়। বংশৰ মানুহ অচিনাকি হলেও, মঙ্গহৰ গোন্ধৰ দ্বাৰা চিনি পোৱা যায় বোলা হৈছে। এতেকে,--কোনো আত্মীয় মানুহক চিনি নাপালেও আত্মীয় বুলি অনুভৱ কৰা, to suspect relationship intuitively.

মজা পোকে কামোৰা—বিণ, মজা পোকে কামুৰিলে তাৰ বিষত তত হেৰায়। এতেকে,—বিতত, ধৈৰ্য্যহীন, impatient

মণি পিন্ধোৱা—ক্ৰি, বিয়াৰ বন্দবস্ত হলে দৰাৰ ঘৰৰপৰা ছোৱালীক মণি পিন্ধোৱা হয়। এতেকে,—বিয়াৰ বৰ পকা হল বুজাবৰ নিমিত্তে ছোৱালীক মণি পিন্ধোৱা, to ratify a proposal of marriage.

মতা চিন চোৱা—ক্ৰি, মতা মানুহৰ চিন অৰ্থাৎ পুৰুষালি চোৱা, বীৰত্বৰ পৰীক্ষা চোৱা, to subject one's bravery to a severe test.

মথুৰা-পাগ—বিং , [ মথুৰাপুৰীয়া পাগ] পূৰ্ব্বে আসামলৈ মথুৰাপুৰৰ পৰা ভোজপুৰীয়া মানুহবিলাক সৰকৈ আহিছিল। ভোজপুৰীয়া- বিলাকে মূৰত ডাঙ্গৰ পাগ বান্ধে। এতেকে,— ডাঙ্গৰ পাগ, a big turban.