পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভালৰ
ভাৱেৰে
২১৫

ভালৰ ভাল হোৱা—ক্ৰি, স্বভাৱতে যি ভাল মানুহ তাৰ ভাল অৰ্থাৎ মঙ্গল হোৱা the coming of good things to a good man.

ভালৰ মূৰত—-ক্ৰি-বিণ, ( মূৰ =ওপৰ। ) ভাল কথাৰ ওপৰত, ভাল কথাৰ নিমিত্তে। (বিদ্ৰূপাৰ্থত ব্যবহৃত হয়), in consequence of thing being good, suitable, appropriate ( used ironically).

ভালে বেয়াই—ক্ৰি-বিণ, আধা ভাল আরু আধা বেয়া এইভাৱে অৰ্থাৎ অসম্পূৰ্ন- ভাৱে, imperfectly.

ভালক বুলি কোৱা—ক্ৰি, [ ভাল হক বুলি কোৱা ] ভালৰ নিমিত্তে অৰ্থাৎ মঙ্গলৰ অৰ্থে কোৱা, to speak with the best or intention.

ভালৰি বোলোৱা—ক্ৰি, [ ভাল কৰিলি বোলোৱা ] এজন মানুহে আন এজন মানুহৰ অনুকুল হৈ কৰা কাৰ্য্য তাক জনালে সি ‘ভাল কৰিলি’ বুলি শলাগ লয়। এতেকে,—কোনো মানুহক প্ৰিয়কথা জনাই তাৰ শলাগণি পোৱা, to gain one's praise by flattery.

ভালুকি নাচ—বিং, ভালুকে জপংজপং কৈ নাচে। এতেকে,—এলাগী নাচ, a grotesque, clumsy or odd dance.

ভালুক জ্বৰ—বিং, ভালুকৰ জাৰ বেচি। সি জাৰত কেতিয়াবা থক্ থক-কৰে কঁপি থাকে। তাকে মানুহে ভালুক জ্বৰ বোলে। এতেকে,—ডাঙ্গৰ কঁপনী জ্বৰ, severe ague.

ভাৱনাৰ চো—বিং, ভাৱনাত একে জন মানুহে নানা ভাও লয়। ভাও লোৱা মানুহক ‘চো’ বোলে। এতেকে,—বহুবাৰ বহু প্ৰকাৰৰ অসংলগ্ন কাৰ্য্য কৰা মানুহ, an actor who plays the part of different characters at different times in a dramatic performance, i. e. a person whose actions in life are inconsistent with one another.

ভাৱেৰে কলে পকা ধানে বাট দিয়া—ক্ৰি, (ভাৱ=চেও, ঠাচ, বা প্ৰণালী। ) পকা ধানে বাট ললে ধান নষ্ট হয়। পকা ধানৰ মাজে কেতিয়াও বাট পাব নোৱাৰি। এই স্থলত কোৱা হৈছে যে ভাৱেৰে কলে পকা ধানেও বাট দিয়ে। এতেকে,—ভাৱেৰে কোনো কথা জনালে টান মানুহো সৈমান হোৱা, the conceding even by a strong