পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ভৰি
ভৰিৰ
২১২


ভয়ৰ অধীন হোৱা, to be moved by ear however great one may be.

ভৰি চেলেকা—ক্ৰি, ভৰিত ধৰি প্ৰণাম কৰা হয়। এই স্থলত ইমানকৈ খোচা- মোদ কৰে বোলা হৈছে, যে হাতেৰে নধৰি মুখেৰে চেলেকে। এতেকে,—নীচালি খোচামোদ কৰা, জঘন্যভাৱে বশ্যতা স্বীকাৰ কৰা, to flatter servilely, to submit meanly.

ভৰি দঙ্গা—ক্ৰি, লথিয়াওতে ভৰি দঙ্গ যায়। এতেকে,—লথিয়াবলৈ উদ্যোগ কৰা, to attempt to kick

ভৰি নচুৱাই থকা—ক্ৰি, কাম-কাজ নোহোৱা মানুহে ভৰি জোকাৰি থাকে। এতেকে,—ধেমালিত কাল নিওৱা, to waste time in idleness.

ভৰি মাৰি যোৱা—ক্ৰি, (মাৰি=মাৰ নিয়াই। ভৰি= ভৰিৰ মাত। ) নিশবদে যোৱা, চোৰাংকৈ যোৱা, to walk stealthily.

ভৰি-হাত ধোৱা—ক্ৰি, শোচলৈ গলে ভৰি-হাত ধোৱা হয়। এতেকে,—শোচা- চাৰ কৰা, to evacuate the bowels.

ভৰিত তেল ঘঁহা—ক্ৰি, বৰলোকৰ ভৰিত গোলামে তেল ঘঁহি দিয়ে। এতেকে,—নীচালিভাৱে খোচামোদ কৰা, to flatter merely to cringe.

ভৰিত তেল টেঙ্গা ঘঁহা—ক্ৰি, ভৰি চিকুণ কৰিবৰ নিমিত্তে তেল আৰু টেঙ্গা ঘঁহা হয়। এতেকে,—পৰিষ্কাৰ পৰিচ্ছন্ন হোৱা, to be neat and tidy.

ভৰিত ধৰা—ক্ৰি, ভৰিত ধৰি প্ৰণাম জনোৱা হয়। এতেকে,—সম্পূৰ্ণ বশ্যতা স্বীকাৰ কৰা, সমূলি সেও হোৱা, to own complete allegi ance, to submit unconditionally.

ভৰিৰ আঙ্গুলীৰে টিপা মাৰি ৰোৱা—ক্ৰি, হাতৰ আঙ্গুলী নলগোৱাকৈ ভৰিৰ আঙ্গুলীৰে টিপা মাৰি পুলি ৰুব পৰা যায়। সেইবিলাক নিচেই ইতৰ শ্ৰেণীৰ পুলি আৰু তাক যেনে তেনে প্ৰকাৰেৰে গোজা মাৰি থলেই জীয়ে। সেইরুপে বৰলোকে কায়-ক্লেশ নকৰাকৈ অনায়াসে ইতৰ মানুহক জীবিকা দিব পাৰে। এতেকে,—এফেৰি মাথোন মন-কাণ কৰি কোনো এটা জীবিকাৰ উপায় দিয়া, to provide a person with a means of livelihood by only a very