পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বোন্দা
বাংবিং
২০৯


বোন্দা চৰ—বিং, দুটা বোন্দা মেকুৰীয়ে যুঁজ লাগিলে ইটোৱে সিটোৱে টানকৈ চৰিয়াচৰি কৰে। এতেকে,—টান চৰ a severe slap on the face.

বোন্দা ঠেকেচা দিয়া —ক্ৰি,বোন্দা মেকুৰীয়ে মাছ চুৰ কৰিলে, গিৰিহঁতে ধৰি তাৰ মুখখন মাটিত থেকেচে অৰ্থাৎ যিখন মুখেৰে সি মাছ খাইছিল, সেই- খন মুখকে শাস্তি দিয়ে। এতেকে, উপযুক্ত দণ্ড দিয়া, to punish a person severely according to his desert.

বোন্দা পৰ দিয়া— ক্ৰি, বোন্দা মেকুৰীয়ে নিগনি ধৰিবলৈ পৰ দিয়ে, অৰ্থাৎ পষেক বেলি ৰৈ থাকে। এতেকে,—বহু কাল ৰৈ থকা, to wait too long.

বোপা-ককাৰ দিনৰ সজ— বিং, ( বোপা-ককা=বোপাই-ককা। ) পূৰ্ব্ব-কালৰপৰা প্ৰচলিত ৰীতি। ('সজ’ শব্দ ‘সহজ শব্দৰ সঙ্কোচন। সহজ = শৰীৰৰ 'সহ’ জাত অৰ্থাৎ জন্মগত। এই শব্দে ‘অভ্যাস’ 'ৰীতি’ ইত্যাদি অৰ্থ বুজায়। ), ancestral custom.

বোপা-ককাৰ ৰীতি —বিং, বোপাই আৰু ককাৰ ৰীতি, অৰ্থাৎ পুৰুষানুক্ৰমিক চলিত ৰীতি, an ancestral custom.

বোলা বচন নেৰা—ক্ৰি, এদিন যি বচন বোলা হয় তাক প্ৰত্যাহাৰ নকৰা, not to withdraw a word once spoken.

বৌৱে পতা বৰা— বিং, আহোম ৰজাৰ দিনত কুৰিটা পাইকৰ ওপৰত ধৰা বিষয়া আছিল। কোনো ডাঙ্গৰ ৰাজ-বিষয়াই হে বৰা পতিব পাৰিছিল। এই স্থলত কোৱা হৈছে, যে নিজৰ বৌৱেকে বৰা পাতিছে। এতেক,—আন মানুহে নমনা নিজে ডাঙ্গৰ বুলি ফুৰা মানুহ, a self- styled leader.

বংশত পদ্মফুল ফুলা— ক্ৰি, পদ্মফুল ফুলিলে গোটেই সৰোবৰ উজ্জ্বল হয়। কোনো বংশত মহাত্মা পুৰুষৰ আবিৰ্ভাৱ হলে, সেইবংশৰ গোটেই বংশ উজ্জ্বল হয়। এতেকে,— বংশত মহাত্মা পুৰুষ আবিৰ্ভূত হোৱা, the flourishing of a great person in a family.

বাং বাং বিং বিং কৰা —ক্ৰি, [ “বিবি বাবা গোৱা” চোৱা। ]

বাংবিং কথা কোৱা—ক্ৰি, অৰ্থপূৰ্ণ কথা কোৱা, বলকা, to talk incoher- ently, to rare.

nay, or,২৭