পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বেটিৰ
বেলাৰ
২০৭


বেটীৰ খং বাঢ়নীত সৰা —গিৰিহঁতৰ খং হলে বেটকী কীলায়। বেটীৰ খং হলে তাই গিৰিহঁতক কীলাব নোৱাৰে বাবে বাঢ়নী তাঁৰৰ দোষ ধৰি তাকে ঠেকেচ্-নেকেচ, কৰে। গিৰিহঁতলৈ যি খং হয়, সেই খং গিৰিহঁতত সাৰিব নোৱাৰি বাঢ়নীত সাৰে। এতেকে,—পৰাক্ৰমী মানুহৰ প্ৰতি ওপজা খং বল-শক্তিহীন মানুহৰ ওপৰত সৰা, to take revenge on a weak innocent person for an offence done by a person who is too powerful.

বেটীৰ গোন্ধ-তেল—বিং, তিৰোতাৰ গোন্ধ-তেল পুৰুষৰ মনোৰঞ্জনৰ নিমিত্তে। কিন্তু বেটীৰ গোন্ধ-তেলৰ আৱশ্যকতা নাই, কিয়নো বেটী অস্পৃশ্য ঘৃণীত মানুহৰ শ্ৰেণীভুক্ত। এতেকে,—ঘৃণীত মানুহৰ লাহ- বিলাহ, coquetry of a hateful girl.

বেটীয়ে গোন্ধ-তেল পোৱা —ক্ৰি, বেটী ঘৃণীত শ্ৰেণীৰ মানুহ। তাই গোন্ধ- তেল ঘঁহিলে সাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে। এতেকে,— স্বভাৱতে যি মানুহ ঘৃণীত সেই মানুহে কৃত্ৰিম উপায়েৰে সুৰ চাবলৈ যত্ন কৰা, to attempt to beautify a person which is naturally ugly.

বেতনীত ঔ পৰিলে বাসুদেবায় নমঃ বোলা—ক্ৰি, ঔ-টেঙ্গা সৰুৱাই দিলে যদি বেতনীত পৰে, তেনেহলে কি আনিব পৰা নাযায়। তেতিয়া সেই টেঙ্গা “বাসুদেবায় নমঃ” বুলি ঈশ্বৰৰ চৰণত অৰ্পণ কৰা হয়। এতেকে,—কোনো কাৰ্য্য কৰিব নোৱাৰিলে ইচ্ছাপূৰ্ব্বক মহৎ উদ্দে- শ্যেৰে সেই কাৰ্য্য কৰিবলৈ এৰি দিয়া বোলা, to fail to do a thing and then attribute the failure not to incapacity but to concession inspired by the noblest motive.

বেদৰ বাণী—বিং হিন্দুমতে বেদ অভ্ৰান্ত। এতেকে,—অভ্ৰান্তসত্য, Gospel truth.

বেন্দা বন— বিং , [ বান্দা বন ] বন্দীয়ে কৰা বন, জঘন্য কাম, drudgery, hard work in servile occupation, ignoble toil.

বেল পৰিমানে—ক্ৰি-বিণ, বেল ডাঙ্গৰ ফল। এতেকে,—ডাঙ্গৰ পৰিমাণে, অধিককৈ, in large measure, greatly.

বেলাৰ বেলি— বিং( বেলা=পুৱা, দুপৰীয়া আদি। বেলি=সময়। ) যথোপ-