পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বেঙ্গে
বেজীৰ
২০৬


সৌভাগ্য বুজায়। এতেকে,—ভাগ্যোদয় হোৱা, the rising of fortune.

বেঙ্গে ওঁঠাৰখন পাম কৰা—ক্ৰি, বেঙ্গৰ ঘাই ঘৰ এঠাইত আছে, কিন্তু তাৰ পাম ওঁঠাৰ ঠাইত আছে বোলা হৈছে। দুখীয়া মানুহক বেঙ্গেৰে তুলনা কৰা হৈছে। যি মানুহৰ ঘাই ঘৰ চলাবৰ শক্তি নাই, সেই মানুহে ওঁঠাৰখন ঠাইত ওঁঠাৰখন পাম পাতে, এই ভাব বুজোৱা হৈছে। এতেকে,—দুখীয়া মানুহে বহুল কাৰবাৰ কৰা, to engage in an extensive business although a poor man.

বেঙ্গো ওলোৱা সাপেও দেখা—ক্ৰি, বেঙ্গেও সাপ আছে বুলি নাজানে আৰু সাপেও বেঙ্গ ওলাব বুলি গম নাপায়। কিন্তু যি সময়তে বেঙ্গ ওলায়, ঠিক সেই সময়তে সাপে তাক দেখা পায়। এতেকে,—দৈববশতঃ শত্ৰুৰে দেখাদেখি হোৱা, to meet an enemy accidentally.

বেঙ্গেনা গছত হাঁকূটি লগোৱা—বিণ, বেঙ্গেনা গছ নিচেই সৰু। বেঙ্গেনা হাতেৰে ছিঙ্গি অনা হয়। এই স্থলত, মানুহটো ইমান একণিমান বোলা হৈছে, যে সি হাকূটি লগাই হে বেঙ্গেনা পাৰিব পাৰে। এতেকে,— নিচেই কঁটিয়া, pygmean, dwarfish.

বেজী সিওঁ সিওঁ কৰা—ক্ৰি, (লৰা-ধেমালি ) এটা লৰাই বেজী সিওঁ সিওঁ বোলে, আন এটাই ‘নিসিবা নিসিবা” বোলে। বেজী লৈ কাপোৰ সিবলৈ বিচাৰি ফুৰে বোলা হৈছে। এতেকে,—সকলো কাৰ্য্যতে আগুৱান হৈ ফুৰা, to push on, to press forward.

বেজীৰ আগেৰে খোৱা —ক্ৰি, বেজীৰ আগেৰে এটা এটা কৰি কোনো বস্তু খুচি খালে নিচেই তাকৰকৈ খাব পৰা যায়। এতেকে,—নিচেই তাকৰ- কৈ খোৱা, to eat too little.

বেজীৰ জলা মনা, কুঠাৰৰ জল নমনা—ক্ৰি, বেজীৰ জলা একণিমান, কুঠাৰৰ জলা ডাঙ্গৰ। ডাঙ্গৰ জলা তৎক্ষণাৎ মনিব পৰা যায়, কিন্তু একণিমান জলা মনিবলৈ টান। এই স্থলত ওলোটাই কোৱা হৈছে, যে একণি- মান জলা মনিব পাৰে, কিন্তু ডাঙ্গৰ জলা মনিব নোৱাৰে। এতেকে,— সৰু কথালৈ গম কৰা কিন্তু ডাঙ্গৰ কথালৈও গম নকৰা, to take in- to account trifling details disregarding even impor- tant broad facts.