পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বুকু
বুটী
২০৩

বুকু জুৰোৱা——ক্ৰি, মাকে লৰা বুকুত সাবটি ধৰি থাকিলে বুকু জুৰ হয়। এতেকে,—লগত থাকি মনত শান্তি দিয়া, to give the pleasure of fellowship or association.

বুকু ফিন্দাই যোৱা— অহঙ্কাৰী মানুহে বুক ফিন্দাই খোজ কাঢ়ে। এতেকে,— অহঙ্কাৰীভাৱে চলা, to walk haughitly.

বুকু লৰা —বিণ, ( লৰা = কঁপা। ) ভয়াতুৰ মানুহৰ বুকু কঁপে। এতেকে,— ভয়াতুৰ, pusillanimous, chicken-hearted.

বুকুত কামোৰ মৰা—ক্ৰি, বুকুত অৰ্থাৎ মৰ্ম্মস্থানত কামুৰিলে মনুহৰ জীৱনৰ আশঙ্ক হয়। এতেকে,—সাংঘাতিক অপকাৰ কৰা, to do a fatal injury

বুকুত কুঠাৰ দিলে ‘ক’ নোলোৱা—-বিণ, বুকুত কুঠাৰ পাতি যদি কোৱা হয় ‘তই ‘ক’ বোল, নহলে এই কুঠাৰেৰে তোৰ বুকু চিৰিম,” তেনে- হলেও তাৰ মুখৰপৰা ‘ক’ আখৰ উচ্চ'ৰণ নহয়। এতেকে,-- মহামূৰ্খ, extremely dull of perception or understand- ing.

বুকৰ বান্ধৈ —-বিং, ( বান্ধৈ = বান্ধৱ। ) অতি মৰমৰ বন্ধু, a bosom friend.

বুকুৰ শাল উভলা—ক্ৰি, বুকুত শাল মাৰিলে, তাৰ যন্ত্ৰনা নুগুচে। ডাঙ্গৰ সন্তাপ হলেও বুকুৰপৰা নুগুচে। সন্তাপক শালেৰে তুলনা কৰা হৈছে। এতেকে,—বহুকাল-ব্যাপী সন্তাপ হৰণ কৰা, to eradicate a source of continued deep anxiety.

বুকুৱে ধান বনা—ক্ৰি, ধান বানোত ঢেঁকিয়ে ধুপ্ ধুপায়। ভাবৰ উদ্বেগ হলে বুকুৱে ধুপ্-ধুপায়। এতেকে,—শোক, খিয়াল আদি ভাবৰ উদ্বেগত বুকুৱে ধুপ-ধুপোৱা, to be deeply swayed by feelings of grief, jealousy etc.

বুকুৱে ধিপ্-ধিপোৱা— ক্ৰি, বৰকৈ ভয় পালে বুকুৱে ধিপ্ ধিপায়। এতেকে,-- বৰকৈ ভয় পোৱা, to be afraid too much.

বুটি কোৰত ধৰা—ক্ৰি, দুখীয়া মানুহৰ হাল গৰু নাথাকে; কোৰেৰে মাটি চহায়। এই স্থলত ইমান দুখীয়া বোলা হৈছে, যে তাৰ কোৰ- খনো বুটী। এতেকে,—অতি দুখীয়া ব্যৱসায় লোৱা, to lead a