পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিৰিণা
বীণ-বৰাগী
২০২


বিৰিণা তল— - বিং. বছৰৰ আৰম্ভতে মানুহে দৈবজ্ঞক সেই বছৰ পানী কিমান হব বুলি সোধে। দৈবজ্ঞই উত্তৰ দিয়ে বিৰিণা তল”। পানী বেচি হলে, বিৰিণা পানীত অদৃশ্য হয়। তেতিয়া দৈজ্ঞই কয় ‘'মই আগৈয়ে ছিলো। বিৰিণা তল হব। ” পানী কম হলে বিৰিণা পানীৰ ওপৰলৈ ওলাই থাকে। তেতিয়া দৈবজ্ঞই কয় “মই আগৈয়ে কৈছিলো বিৰিণাৰ তল হব”। এতেকে,—দ্ব্যৰ্থবোধক কথা, an ambiguous statement.

বিল লোৱা—ক্ৰি , বিল ললে সদাই অলপ-অচৰপ মাছ পাই থকিব পাৰি। বলি নলৈ সৰহ মাছ ললেও সেই এবেলি মাথোন মাছ পোৱা হয়। এতেকে, —খন্তেকীয়া বেচি লাভলৈ নাচাই বাৰ-মহীয়া অলপীয়া লাভলৈ চোৱা, to prefer small but constant gains to large gains obtained only once.

বিধি হোৱা—ক্ৰি. ( বিশুধি == অশুচি। ) ঋতুমতী হোৱা, to be affected with femal menstrual discharge.

বিষ-দাঁত ভগা—ক্ৰি, সাপৰ বিষ দাঁত ভাগিলে সি একো অপকাৰ কৰিব নোৱাৰে। এতেকে, —অপকাৰ কৰিবলৈ শক্তিৰহিত হোৱা, ক্ষমতাহীন হোৱা, to become powerless for mischief.

বিষম দৈবৰ গতি—বিং, দৈব সমভাবে নাযায় অৰ্থাৎ কেতিয়াবা সৰলভাৱে যায় আৰু কেতিয়াবা বেঁকবেঁকি হৈ যায়। এতেকে,—ভাগ্যৰ চঞ্চলতা vicissitudes of fortune.

বিহ খোৱা—-জি বিহ থোৱাৰ তুল্য বিপদ উপস্থিত হোৱা, যেৰ বিপজ্জনক কাৰ্যত হাত দিয়া, to run a great risk.

বিহ-জলকীয়া-—বিং, বিহ-জলকীয়াৰ জাল অতি উগ্ৰ। এতেকে,—অতি উগ্ৰ মানুহ, an exceedingly spirited person.

বিহুৰ ডেকা—-বিং, বিহুৰ সময়ত ডেকা মানুহে বিহু-নাচ পাতে। এতেকে,— ধেমেলীয়া চফল ডেকা, a jovial young man.

বিহুৱেসংক্ৰান্তিয়ে— - ক্ৰি-বিণ, সংক্ৰান্তি মাহেকত এদিন হয়। বিহু বছৰেকত তিনি দিন হয়। এতেকে,—কেতিয়াবা, occasionally.

বীণ-বৰাগী—বিং, বীণ বাই ফুৰা বৰাগী, মগনীয়া, a mendicant, a beggar.