পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বামত
বাৰ
১৯৮


বামত সাঁতোৰা—ক্ৰি, মাটিত হাত ভৰি মেলি চুচৰিলে সাঁতোৰা যেন দেখি। এতেকে,—চুচৰি-বাগৰি ফুৰা, অসীম কষ্টভোগ কৰা, to be afflicted by untold misery.

বামুণ চাই ভোজনী—বিং, বামুণ ডাঙ্গৰ হলে ভোজনী ডাঙ্গৰ হব লাগে, আৰু বামুণ সৰু হলে ভোজনী সৰু হব লাগে। এতেকে,—যথাযোগ্য কাৰ্য্য, an appropriate action.

বামুণৰ ক'লা—বিং, বামুণৰ ভিতৰত সাধাৰণতে ক'লা মানুহ নাথাকে। এতেকে,—বিজতৰীয়া বামুণ, a degenerate Brahmin.

বামুণৰ জোলোঙ্গা—বিং, ‘বামুণ’ শব্দে এই স্থলত দৈৱজ্ঞ বামুণ বুজাইছে। সিহঁতে কান্ধত ডাঙ্গৰ জোলোঙ্গা লৈ গাওঁৱে গাওঁৱে ভোজনী লৈ ফুৰে। এতেকে,—ডাঙ্গৰ জোলোঙ্গা, বহু বস্তু ধৰা পাত্ৰ, a capacious receptacle.

বামুণৰ বৰুৱা, শূদিৰৰ পঢ়ুৱা—বিং, পূৰ্ব্ব-কালত বামুণে বিষয় নলৈছিল, আৰু শূদিৰে নপঢ়িছিল। বামুণৰ ভিতৰত বৰুৱা আৰু শূদিৰৰ ভিতৰত লেখা-পঢ়া জনা মানুহ অসম্ভৱ আছিল। এতেকে,—বিপৰীত কাৰ্য্য, topsyturvydom.

বামুণ গঢ়ী—বিণ, বামুণী তিৰোতাৰ মুখৰ সাজ দীঘল-চানেকীয়া আৰু নাকৰ আগ জোঙ্গা। এতেকে,—বামুণী তিৰোতাৰ নিচিনা শুৱনী, handsome like a Brahmin girl.

বামুণে হাল বোৱা—ক্ৰি, বামুণে হাল বোৱা হিন্দু ধৰ্ম বিৰুদ্ধ কাৰ্য্য। এতেকে,—অসম্ভৱ কাৰ্য্য ঘটা, the doing of an impossible act.

বামে নাও চলোৱা—ক্ৰি, নাও পানীয়ে দি চলায়, বামে দি নচলায়। এই স্থলত কোৱা হৈছে, যে বামে দিয়েই গাৰ বলেৰে নাও টানি লৈ যায়। এতেকে,—গাৰ বলেৰে অন্যায় কাৰ্য্য কৰা, to do an unjust or improper thing by sheer physical force.

বাৰ কুৰি—বিণ, বহুসংখ্যক, numerous.

বাৰ জোৰা দিয়া কথা—বিং, কাপোৰ ফাটিলে তাপলি জোৰা দিব লাগে। এতেকে,—বাৰটা তাপলি অৰ্থাৎ মিছা জোৰা দিয়া কথা, বহু মিচাৰে সজাই পৰাই কোৱা কথা, a highly exaggerated account.

বাৰ বঙ্গলুৱা মানুহ—বিং, আগৰ দিনত ভাটী ফালৰপৰা অহা সকলো মানুহক