পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আগ-মঙ্গহ
আঘৈণী

গোৱা আৰু এবেলি পিচলৈ নি থোৱা অৰ্থাৎ আল-পৈচান ধৰা, ওচৰতে লাগি-ভাগি মান-সম্ভ্ৰম দেখুওৱা, to attend on a great man.

আগ-মঙ্গহ খোৱা—ক্ৰি, বুকুৰ আগ-মঙ্গহ নষ্ট হলে মানুহ জীয়াই নাথাকে। এতেকে,—অন্তৰত অতিপাত বেজাৰ দিয়া, to wound one's feelings mortally.

আগ বঢ়াই অনা—ক্ৰি, [আগলৈ বঢ়াই অনা] সম্ভ্ৰম বুজাই নিজৰ আগ কৰি অলপ বাট লৈ অহা, to welcome.

আগৰ আগ ভাগ—বিং, সবাৰো আগ ভাগ, শ্ৰেষ্ঠ ভাগ, the first share, the lion's share.

আগৰ গৰু বাঘে খোৱা–ক্ৰি, জাকত যি গৰু আগ হৈ থাকে, বাঘে হাবিত তাকে ধৰি লৈ যায়। এতেকে,—কোনো কাৰ্য্যৰ আগত থাকি বিপদগ্ৰস্ত হোৱা, to incur risk by taking one's place in the front line.

আগ-ৰণুৱা—বিণ, যি ৰণত আগত যায়, অগ্ৰগণ্য, সাহিয়াল, forward.

আগলৈ শৰাই দিয়া—ক্ৰি, সম্মুখলৈ শৰাই বঢ়াই দিয়া, ভক্তি জনোৱা, to show mark of respect.

আগাম পুৰাম—বিং, [আগম পুৰাণ] আগম অতি প্ৰাচীন শাস্ত্ৰ, পুৰাণ তাৰ বহু পাচৰ শাস্ত্ৰ। এতেকে,—আগৰপৰা পাচলৈ সকলো কথা আদ্যোপান্ত, বৃত্তান্ত, a complete account.

আগ ধৰি—ক্ৰি-বিণ, বহু মানুহে খোজ কাঢ়ি গলে আগ পিচ কৰি যায়। যিটো মানুহে আগত যায় সি লানিৰ আগটো ধৰি অৰ্থাৎ পোনাই ৰাখি যায় বোলা হৈছে। এই স্থলত, এই বাক্য ‘স্থান-বোধক’ অৰ্থৰপৰা ‘কাল- বোধক’ অৰ্থলৈ বাগৰিছে। এতেকে’—আগৈয়ে, প্ৰথমে, at first, at the outset, beforehand.

আগ-গুৰি নোহোৱা বন—বিং, কাঠি-কামিৰ বন কৰোঁতে বাঁহৰ আগ কোন ফালে আছে আৰু গুৰি কোন ফালে আছে ঠিক কৰি লৈ সেই দিহাৰে চল লগাই কাটি কোনো বস্তু তৈয়াৰ কৰে। তাকে নকৰিলে কাম বিশৃঙ্খল হৈ পৰে। এতেকে,—বিশৃঙ্খল কাম, disorderly work.

আঘৈণী ঘৈণী হোৱা—ক্ৰি, যি তিৰোতা ঘৈণী হবৰ নিমিত্তে অনুপযুক্ত, সেই তিৰোতাই ঘৈণী হবলৈ পালে বৰকৈ আয়ম ধৰে। এতেকে,— অযোগ্য মানুহে কোনো বিষয়ে উন্নতি লাভ কৰিলে বৰকৈ আয়ম ধৰা,