পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পোহাৰী
কেঁচু
১৭৯

মিছি চুপতি কৰি থাকে। এতেকে--অৰ্থশূন্য আলাপ, meaning- less or unnecessary talk.

পোহাৰী লেখ—বিং, পোহাৰীয়ে মাটিত অংক পাৰি লেখ কৰে। এতেকে,— নজনা মানুহে লেজুৱা প্ৰণালীৰে কৰা হিচাব an account made by a uneducated person is a round-about method, rough clumsy account.

পোহাৰীৰ পৈয়েক সাক্ষী—-বিং, পোহাৰীয়ে কোনো জগৰত পৰি আসৈ মাতি গিৰিয়েকক সাক্ষী দিয়ে আন মানুহে তাইৰ পক্ষে সাক্ষী ওলাওঁতা নাই। পোহাৰী যেনে মিছলীয়া, গিৰিয়েক তাইতকৈ অধিক মিছলীয়া। গিৰিয়েকে স্বভাৱতে ঘৈণীয়েকৰ পক্ষ সমৰ্থন কৰি কয়, এই ভাবো বুজোৱা হৈছে। এতেকে,—দুষ্টৰ সাক্ষী, স্বাৰ্থান্ধ, অঘাইটং. a biassed knave as a witness of a cunning person.


ফ।


ফাঁপৰী কঠিয়াৰ সঁচ নোখোৱা—ক্ৰি, যদি কঠিয়া-ধান ফাঁপৰী অৰ্থাৎ বেয়া হয়, তেনেহলে তাক সমুদায়ে পেলাই দিয়া হয়। তাৰ সঁচ খোৱা নহয়, অৰ্থাৎ তেনেকুৱা দুটা এটা ধান নষ্ট নকৰি থৈ দিয়াৰ প্ৰয়োজন নাথাকে। এতেকে,—শত্ৰুক সবংশে নিধন কৰা, to ruin an enemy with his whole family.

ফেঁচু ৰজা হোৱা— ক্ৰি, (উপকথা) চৰাইবিলাকে তেলীয়া সাৰেঙ্গক ৰজা পাতিবৰ নিমিত্তে ৰাজপাট ঠিক কৰিলে। তেলীয়া-সাৰেঙ্গে সাজ-পাৰ পিন্ধোতেই পলম কৰিলে। ফেঁচুৱে গিৰিস্-কৰে ডালৰপৰা আহি ৰাজ-পাটত বহি, সি ৰজা হল বুলি ঘোষণা কৰি দিলে। তেতিয়াৰ-