পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পেট
পেটতে
১৭৬

পেট পেলাই খোৱা—ক্ৰি, খকুৱা মানুহে খাই খাই পেটৰ ভৰত ৰব নোৱাৰি দীঘল হৈ পৰি খাবলৈ ধৰে। এতেকে,—অতিৰিক্ত পৰিমাণে খোৱা, to eat excessively.

পেট বোৱা—ক্ৰি, অধিককৈ শৌচাচাৰ হোৱা, the loosening of bowels.

পেট মৰা—ক্ৰি, খোৱাৰ কষ্টত পেট শুকুওৱা, অনাহাৰত বা অল্পাহাৰত কষ্ট পোৱা, to be run down by total or partial abstinance from food.

পেট মোছা লৰা—-বিং, ঠাই মুছি আনিলে যেনেকৈ ঠাই পৰিষ্কাৰ হয়, পেট মুছি আনিলে তেনেকৈ পেট পৰিষ্কাৰ অৰ্থাৎ গৰ্ভত ভবিষ্যতে লৰা সাঁচিব পৰা বস্তু একো নথকা হয়। এতেকে,--নুমমীয়া লৰা, the youn- gest and last child.

পেট ৰোৱা—ক্ৰি, শৌচাচাৰ বন্ধ হোৱা the stopping of evacuations of the bowels.

পেট হোৱা—-ক্ৰি, ( পেট ডাঙ্গৰ গোৱা] গৰ্ভ হোৱা, to become pregnant

পেটত সঁচা--ক্ৰি, গৰ্ভত সন্তানৰ সঁচ হোৱা, to have a fetus formed in the womb, to conceive.

পেটত কিবা ওলোৱা--বিং, গৰ্ভ-নাৰেঙ্গা ৰোগ। (এই ৰোগৰ নাম মানুহৰ আগত কব নাপায় বাবে 'কিবা’ বুলি কোৱা হয়। ) an abscess in the intestines.

পেটত দেও সোমোৱা—ক্ৰি, পেটত দেও সোমালে মানুহৰ খঁক প্ৰবল হয়। এতেকে,--অতিপাত খঁক লগা, to feel hungry acutely.

পেটত ধৰা—ক্ৰি; ( ধৰা =টানকৈ ধৰা, খোঁচা-বিন্ধা কৰা ) অজীৰ্ণ হলে পেটৰ ভিতৰত খোঁচা-বিন্ধা কৰে। এতেকে,—অজীৰ্ণ হোৱা, the occurring of indigestion.

পেটত ক্ষুৰ— বিং, অন্তৰত অস্ত্ৰ অৰ্থাৎ শত্ৰু-ভাৱ, covert enmity.

পেটতে হাত ভৰি লুকোৱা—-ক্ৰি, ভয়ত মানুহে কুঁচি মুচি থাকে। ভয় বেছি হলে হাত দুখন আৰু ভৰি দুটা কোঁচাই আনি পেটৰ ওপৰতে লগাই থৈ মূৰটো গোজা মাৰি ইমান সৰু হৈ থাকে যে শত্ৰুৱে সহজে হাত আৰু ভৰি দেখা নাপায়। হাত ভৰি লুকাই থাকিলে মানুহটো কিবা এটা ঘূৰণীয়া বস্তুৰ নিচিনা দেখি, শত্ৰু আঁতৰৰপৰা উভতি যায়।