পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পিশাঁচ
পিঠিত
১৭২

আছিল। প্ৰথমতে তেওঁ মায়াৰ বহিৰ্ভূত আছিল। ঈশ্বৰে জ্ঞানৰ গছ এজোপা সৃজন কৰি আদমক তাৰ গুটি খাবলৈ হাক দিলে। আদমে লোভ সামৰিব নোৱাৰি যেতিয়া গুটি খালে, তেতিয়া নিজৰ প্ৰকৃত নিৰ্ম্মল অৱস্থা পাহৰি মায়া-জড়িত হল। এতেকে,—কোনো কথা সমূলি পাহৰি যোৱা, to forget anything entirely.

পিশাচে পোৱা—ক্ৰি, পিশাঁচে পালে মানুহে বে-ঠিকভাৱে কাম কৰে। এতেকে,—হিচাব নোহোৱাকৈ কাম কৰা , হাবি-জাবি কাম কৰা, অৰ্থশূন্য কামত লিপ্ত থকা, to act nonsensically.

পিচ লগা—ক্ৰি, , [ মৰাৰ পিচ লগা ] পিচতে মৰা, to die after another, to follow another in death,

পিটিকাত চাৰি গুণ লোণ খোৱা --ক্ৰি, কোনো লোকে লোণ ঢুকাব বুলি তাক আঞ্জাত নাখায়। আলু, কচু, বেঙ্গেন আদি বস্তু পুড়ি কোষত পিটিকা কৰি লোণ নোহোৱা আঞ্জাৰে ভাত খায়। এই স্থলত, পিটিকা ইমান বেচি হয় বুলি কোৱা হৈছে, যে তাত যিখিনি লোণ সনা হয়, সেইখিনি লোণ আঞ্জাৰ লোণৰ চাৰি গুণ হৈ পৰে। এতেকে,— কৃপণৰ অযথা বহুব্যয় হোৱা, the Wasting of a great deal of money in small and unnecessary matters as a miser does, spending nothing at all in matters which are really important and useful.

পিঠা হোৱা—-ক্ৰি, গুড়ি হোৱা, ধ্বংস পোৱা, to be ruined completely.

পিঠি খজুওৱা—-ক্ৰি, শৰীৰৰ কোনো অংশ খজুৱালে ঢকা মাৰি তেজ চলাই দিলে খজুৱতি শাম কাটে। এতেকে,—মাৰ-কিল খাবলৈ উদ্যোগ কৰা; দণ্ড পাবলগীয়া কাৰ্য্য কৰিবলৈ আগ বঢ়া, to prepare to receive a beating i, e. to be about to do a wrongful act

পিঠি ছিঙ্গা—-ক্ৰি, [ কোবাই পিঠি ছিঙ্গা] বৰকৈ কোবোৱা, to boat soundly,

পিঠি দিয়া—ক্ৰি, কোনো মানুহৰ ফালে পিঠি দিলে দৃষ্টি অৰ্থাৎ অনুগ্ৰহৰ দৃষ্টি সেই ফালৰপৰ আতঁৰি আন ফালে পৰে। এতেকে,—বিমুখ হোৱা, অৱহেলা কৰা, to withhold favour, to neglect

পিঠিত ঢকুৱা বন্ধা—ক্ৰি, , অপৰাধীয়ে পিঠিত ঢকুৱা বান্ধি ওপৰত সাজ-পাৰ পিন্ধি যায়। দণ্ডৰ বাবে যেতিয়া পিঠিত উধাই-মুধাই কোবোৱা হয়,