পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পঘা
পতান-ধানেৰে
১৬৪


খুঁটি কৰি পাখি উঘালে। এতেকে,— জোঁটাপুটি , to engage in a mutual struggle.

পঘা খোৱা—বিণ, চোৰ গৰুৱে একো খাবলৈ নাপালে পঘা ডালকে চোবাই খায়। এতেকে,—নীচ প্ৰকৃতিযুক্ত mean and wicked

পচলা কটা দিয়া—ক্ৰি, কলৰ পচলা অনায়াসে যেনেকৈ ঘপিয়াই কাটে সেইৰূপে কটা, to cut to pieces.

পচলাত দাঁত ভগা—ক্ৰি, কলৰ পচলাৰে আঞ্জা খোৱা হয়। কলৰ পচলা কোমল। সি সিজিলে আৰু কোমল হয়। এই স্থলত কোৱা হৈছে যে তাক খাওঁতেই দাঁত ভাগে। . এতেকে,—সমূলি উজু কাৰ্য্য কৰোঁতে অশেষ ক্লেশ পোৱা, to suffer grievously in doing a trifling act.

পছোৱা বতাহৰ লগত লৰা—-বিণ, পছোৱা বতাহ = পছিম ফালৰপৰা অহা বতাহ। এই বতাহ বৰ কোবাল। পছোৱা বতাহক পিচ পেলাই পৰি যোৱা অসম্ভৱ। এতেকে,—কোবাল, চোকা , তীখামখৰা, too fast, exceedingly smart

পটা পিহা দিয়া—জি, পটাত পিহিলে বস্তু চূৰ্ণীকৃত হয়। এতেকে,— প্ৰহাৰৰ দ্বাৰা চুৰ্ণীকৃত কৰা অৰ্থাৎ বিষম প্ৰহাৰ কৰা, to reduce to powder i,e. to commit a severe assault.

পটুৱা চিৰা দিয়া—, কলৰ পটুৱা যেনেকৈ চিৰে তেনেকৈ চিৰা অৰ্থাৎ উগ্ৰদণ্ড দিয়া, to punish severely.

পাঠ ফলা—ক্ৰি, সৰু লৰা-ছোৱালীৰ কিতাপ বেগতে ফাটি যায়। এতেকে,-- পঢ়া শেষ কৰা, (ব্যঙ্গাৰ্থ) to finish one's course of education (used ironically).

পতং হোৱা—ক্ৰি, [ পতঙ্গ হোৱা ] (পতঙ্গ=ফড়িং। ) ফড়িং উৰি আহি জুইত জাপ দি পৰি মৰে। এতেকে,— অন্ত হোৱা, ডাঙ্গৰ অনিষ্ট হোৱা, to be done for, to be ruined.

পতান ধানেৰে ভঁৰাল ভৰোৱা—ক্ৰি, ধানেৰে ভঁৰাল ভৰা আছে কিন্তু চাউল উড়ি সেইবিলাক পতানেৰে ভৰি আছে। তেনেকুৱা ধানেৰে ভঁৰাল ভৰাব একো লাভ নাই। এতেকে,—অলাগতিয়াল বস্তুৰে চহকী হোৱা, to be rich with things of no value, to be master of