পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পঁইতা ভাতত খৰিকা মৰা—বিণ, সিজিবৰ নিমিত্তে কোনো বস্তুত খৰিকা সুমাই দিয়া হয়৷ গেল-গেলীয়া পঁইতা ভাতত খৰিকা মাৰিবৰ আৱশ্যকতা নাই৷ এতেকে,— মহা কৃপণ, to niggardly.

পিঁয়াপি দিয়া—ক্ৰি, বহু মানুহে প্ৰত্যেকে বেলেগ বেলেগ পোনে পিঁপিঁয়াই ফুৰা, বহু মানুহে চাৰিওফালে বেমেজালি হৈ যোৱা, to scatter about on all side.

পেপা বলি অহা— ক্ৰি, গছৰ পুলি বলি অৰ্থাৎ দীঘল হৈ পেঁপাৰ নিচিনাকৈ বাঢ়ি যায়। এতেকে,— জীৱনৰ প্ৰথমাৱস্থা আৰম্ভ হোৱা, to be in the first stage of life.

পকা আঙ্গঠা—বিং, মহাত্মালোকৰ গুণ পকা আঙ্গঠাৰ নিচিনা বৰকৈ জ্বলে৷ এতেকে,— মহাত্মা লোক, ,a great man, a genius.

পকা আমৰ বেলিকা কুজা মোহা ওলোৱা—ক্ৰি, কোনো মানুহে গছত উঠি গছৰ ওপৰতে পকা আম খায়৷ তাৰ মোহাক তললৈ আহি তাক আম খোজে৷ মোহাক কুজা বাবে গছৰ ওপৰলৈ উঠিব নোৱাৰে৷ গছত উটা মানুহটোৱে এইবুলি উত্তৰ দিয়ে:—“পকা আমৰ বেলিকা কিহৰ কুঁজা মোহা’’৷ এতেকে,— স্পৃহনীয় বস্তু পালে আত্মী, মানী আৰু অপাৰগ লোককো বঞ্চনা কৰিবলৈ কোনো মানুহে সঙ্কোচ নকৰা, not to shrink from serving one's ends by depriving a relative who is helpless and worthy of communication.

পকা থেকেৰা—বিং, থেকেৰা ঘূৰণীয়া ফল আৰু পকিলে সি ৰঙ্গা হয়৷ মানুহৰ মুখো ঘূৰণীয়া মুখৰ তেজো ৰঙ্গা৷ মুখত তেজ বেচি থাকিলে মুখখন পকা থেকেৰাৰ নিচিনা দেখা যায়৷ এতেকে,— তেজাল মুখীয়া মানুহ, a person with a ruddy countenance.

পখৰা ধুন—বিং, কেইবা বৰণৰ মিহলি বৰণক পখৰা বোলে৷ এতেকে,— বহু বৰণৰ সাজ-পাৰ পিন্ধা ধুন অৰ্থাৎ অতিৰিক্ত ধুন, the extreme of fashion.

পখৰা-পাখ কৰা—ক্ৰি, চৰায়ে যুঁজ লাগোঁতে ইটোৱে সিটোক ঠোঁটেৰে খুটিয়া-