পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নেদেখাই
নোৱৰা
১৬২


নেদেখাই দেখা—ক্ৰি, যি মানুহে কোনো বস্তু আগৈয়ে দেখা নাই, সে মানুহে সেই বস্তু দেখিলে আচৰিত হৈ চাই থাকে। এতেকে,—আচৰিত হৈ চোৱা, to look a thing with feelings of wonder.

নেদেখিলে এওৱাঁ চৰা— ক্ৰি, এওৱাঁ নাকৰপৰা তেজ ওলোৱা এবিধ ৰোগ। তেজ চৰিলে অৰ্থাৎ ওপৰলৈ উঠিলে এই ৰোগ হয়। তললৈ অধিক পৰ মূৰ দোঁৱাই থাকিলে তেজ চৰে। বেজাৰত মানুহে তললৈ মূৰ কৰি থাকে। এই স্থলত কোৱা হৈছে, যে কোনো প্ৰিয় জনক দেখা নাপালে এনে চিন্তান্বিতভাৱে তললৈ মূৰ কৰি থকা হয়, যে তেওঁৰ এওৱাঁ ৰোগৰ উৎপত্তি হয়। এতেকে,—নেদেখিলে অত্যন্ত চিন্তাযুক্ত হোৱা, to be deeply aggrieved at not seeing any beloved person.

নোক-নোকী—বিং, গাহৰিৰ গাটো ধেমেহা, সি নোক্-নোক্ কৰে চৰি ফুৰে। এতেকে,—গাহৰি, (উপলুঙ্গীয়া মাত। ) a pig.

নাম-টেঙ্গৰ—-বিণ, [ নোমে-পতি টেঙ্গৰ ] সৰ্ব্বাৎশে টেঙ্গৰ, অতি টেঙ্গৰ, too cunning.

নোম-নেগুৰ বৰ্জ্জিত—-বিণ, জন্তুৰ নোম আৰু নেগুৰ মাথোন সম্পত্তি। যি মানুহৰ সম্পত্তি একো নাইকিয়া, তাক নোম-নেগুৰ বৰ্জ্জিত জন্তুৰে তুলনা কৰা হৈছে। এতেকে,—সৰ্ব্বশূ্ন্য, আও-টোকোনা, poorest of the poor

নোৱৰা হোৱা—-ক্ৰি, [ চোব নোৱৰা হোৱা] তিৰোতা ঋতুমতী হলে মানুহ বা

বস্তু একো ছুব নোৱাৰে। এতেকে, ঋতুমতী হোৱা, to be menstruated.

⸺⸺