পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আঁঠু
আঁহে

হৈছে। এতেকে,—কোনো কাৰ্য্য অতি সহজে সম্পাদন কৰা, to do a thing quite easily.

আঁঠু লোৱা—ক্ৰি, [আঁঠু পাৰি লোৱা] মাটিত আঁঠু পাৰি বহা, to fall on the knees.

আঁঠুৰ মাজত মূৰ সুমোৱা—ক্ৰি, বুঢ়া মানুহ কুঁজা হৈ মূৰটো দুই আঁঠুৰ মাজত সুমাই থাকে। এতেকে,—নিস্তেজভাৱে কাৰ্য্য কৰা, এলাহত কাল-যাপন কৰা, to do a thing effortlessly, to waste time in idleness.

আঁঠুৱা চাই ঠেং মেলা—ক্ৰি, আঁঠুৱা যিমান দীঘল হয়, সেই অনুসাৰে ঠেং মেলিব লাগে। আঁঠুৱা পূৰা দীঘল হ’লে ঠেং পূৰা দীঘলকৈ মেলিব লাগে। আঁঠুৱা চুটি হ’লে ঠেং কোঁচাই থব লাগে। তাকে নকৰিলে, ঠেং লাগি আঁঠুৱা দাং খাই মহ সোমাই পৰে, নাইবা আঁঠুৱা ফাটিব পাৰে। এতেকে,—নিজৰ সামৰ্থ্য চাই কাৰ্য্য কৰ, আয় চাই ব্যয় কৰা to act according to one's means, to live within one's income.

আঁঠুৱা তলৰ মহ—বিং, আঁঠুৱাৰ ভিতৰলৈ মহ সোমালে তাক মাৰিব পাৰি। এতেকে,—সহজে যাক নষ্ট কৰিব পাৰি তেনে জন, সমূলি পৰৰ অধীন মানুহ a person who is at the mercy of another, a helpless person.

আঁঠুৱে আঁঠুৱে সাঁতোৰা—ক্ৰি, [আঁঠুৱেৰে আঁঠুৱেৰে সাঁতোৰ] বামত সাঁতোৰা অৰ্থাৎ বগুৱা বাই চুচৰি ফুৰ, মহাকষ্টত হেবাথুৰি খাই ফুৰা, to be involved in a dire calamity.

আঁঠে-পষে—ক্ৰি বিণ, আঁঠ দিনৰ মূৰত বা পষেকৰ মূৰত, মাজে সময়ে, occasionally

আঁহ ফল—ক্ৰি, বহুত আঁহ মিলি জৰী হয়। জৰী ফালি প্ৰত্যেক আঁহ বেলেগ কৰি দেখুওৱা হয় বোলা হৈছে। এতেকে,—পৰিয়ালৰ মানুহক প্ৰত্যেকৰ বেলেগ স্বাৰ্থ এনে ভাব বুজাই দিয়া, মিল ভাঙ্গি অমিল কৰা, to cause disagreement among people by explaining that their interests clash with one another instead of being identical as supposed.

আঁহে আঁহে কথা থকা—বিণ, শৰীৰৰ প্ৰতি আঁহে কথা থকা, বহু বিষয় বিদিত