পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নামৰ
নিজৰ
১৫৮

reticence.

নামৰ মুখেৰে থকা—ক্ৰি, নাম-গোৱাৰ অন্তত প্ৰসাদ খাবলৈ পোৱা যায়। 'নামৰ মুখেৰে' বুলিলে 'নামৰ অন্তত প্ৰসাদ নোখাৱাকৈ শুদা মুখেৰে' বুজোৱা হৈছে। এতেকে,—অনাহাৰে থকা, to be fisting.

নামলৈ খেদা—-ক্ৰি, নাম অৰ্থাৎ সদ্ নামৰ লগ পাবৰ নিমিত্তে খেদি যোৱা, to hanker after fame.

নাম ধৰ্ম্ম—বিং, [ হৰিনাম ধৰ্ম্ম ] হৰিনাম-কীৰ্ত্তনস্বৰূপ , a form of worship which consists in chanting of hymns to God.

নাল লগোৱা কথা—বিং, দা কটাৰিত নাল লগালে দীঘল হয় আৰু ধৰিবলৈ সুচল হয়। কথাতো নাল লগালে অৰ্থাৎ বঢ়াই কলে প্ৰসঙ্গ দীঘলীয়া হয় আৰু কবলৈ সুচল অৰ্থাৎ ধুনীয়া হয়। এতেকে,—মিছা জোৰা দিয়া কথা, exaggarated language,

নাশ্ৰুত নাভূত—-্ব বিণ, [ ন শ্ৰুতং ন ভূতং ] (সংস্কৃত বাক্য। ) যাক শুনা নাই আৰু যি হোৱা নাই অৰ্থাৎ নোহোৱা নোপজা, আচৰিত, mira- culous, phenomenal, strange,

নাহৰ গছ কটা—ক্ৰি, নাহৰ গছ বৰ টান, তাক সহজে কাটিব পৰা নাযায়। এতেকে,—টান বন কৰা, to do a piece of hard work.

নাহৰতকৈ সুকাঠি ওলোৱ—ক্ৰি, নাহৰ গছতকৈ সুকাঠ নাই। এতেকে,— অতি ভালতকৈ ভাল ওলোৱা, (বিদ্ৰুপ। ) to pretend to be better than the best. (used ironically).

নাহৰৰ গুৰি কটা—ক্ৰি, নাহৰ কাঠ টান, তাৰ গুৰি কাটিবলৈ আৰু টান। এতেকে,—বৰ টান বন কৰা, to do piece of it work

নাহৰৰ গুৰি পেলোৱা—ক্ৰি, [ নাহৰৰ গুৰি কাটি গছ পেলোৱা] নাহৰ গছৰ গুৰি কাটি গছ পেলোৱাটো বৰ টান। এতেকে,—বৰ টান কাম কৰা, to do a piece of stiff work,

নাহৰৰ সাৰ পেলোৱা—ক্ৰি, ( নাহৰৰ সাৰ কাটি গছ পেলোৱা) সকলো গছৰে সানৰ কাটিবলৈ টান, কিন্তু, নাহৰৰ সাৰ কাটিবলৈ আটাইতকৈ টান। এতেকে,— বৰ টান বন কৰা, to do a piece of stiff work.

নিজৰ গাটোকে বলে নোৱৰা—বিণ, ইমান দুৰ্ব্বল বুলি কোৱা হৈছে যে, সি নিজৰ গাটোকে বলে নোৱাৰে। এতেকে,— অতি দুৰ্ব্বল, too weak.