পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নাচোনখন
নামাতি
১৫৭


কৰিব পৰা নাযায়, আৰু আহাৰ খালে পেট গধুৰ হৈ কাম কৰিবলৈ লৰি চৰি ফুৰিব পৰ নাযায়। এতেকে,—কোনো অৱস্থাতে কাৰ্য্য কৰিবলৈ অক্ষম, অতিপাত এলেহুৱা, too lazy for anything.

নাচোনখন দিয়া—ক্ৰি, তাই বহুৱাই নাচোন বলে কৰি ৰং দেখুৱায়। এতেকে,— বহুৱালি কৰা, to act with lovity.

নাদৰ ভেকুলী—বিং, নাদৰ ভিতৰত ভেকুলী থাকে। সেইবিলাকে নাদৰ বাহিৰৰ কথা একোকে নাজানে। এতেকে,— অজ্ঞ মানুহ, one without the least experience of the outside world.

নান্নং ন বস্ত্ৰং—বিণ, [ ন অন্নং ন বস্ত্ৰং। ] (সংস্কৃত বাক্য। ) অন্ন আৰু বস্ত্ৰ নাই অৰ্থাৎ খাবলৈ ভাত নাইকিয়া আৰু পিন্ধিবলৈ কপোৰ নাইকিয়া , ভিকহু, utterly destitute

নাবা বুলিলেও চাপৰি চাপৰি বোৱা— ক্ৰি, ঢোল বজাই থাকোতে ঢুলীয়াক বজাবলৈ হাক দিলেও সি আৰু চাৰি চাপৰ বজাই হে বন্ধ কৰিব পাৰে। যেতিয়া বজাবলৈ কোৱা হয়, তেতিয়া সি সীমা চেৰি বায়। এতেকে,—কোনো কাৰ্য্য কৰিবলৈ আনে হাক দিলেও অলপমান নকৰি নোৱৰা, উন্মত্তভাৱে কাৰ্য্য কৰা, to be spurred on to do a thing by excess of spirits.

নাম ফুটি-ফাটি যোৱা—ক্ৰি, কোনো বস্তু ফুটিলে বা ফাটিলে টুকুৰাবিলাক চাৰিও পোনে উফৰি পৰে। এই স্থলত কোৱা হৈছে, যে মানুহৰ নাম ফুটি- ফাটি যায় অৰ্থাৎ চাৰিও পোনে যায়। এতেকে,—নাম চাৰিও পোনে জ্বলা , to be far-famed.

নাম লোৱা—ক্ৰি, মৃত্যু-কালত মানুহে ঈশ্বৰৰ নাম লয়। এতেকে,—মৃত্যু-গামী হোৱা, to remember God in the last moments of life i. e. to die.

নামাতি ৰণ জিকা—ক্ৰি, দন্দ্বত দুজন মানুহে উত্তৰা-উত্তৰি কৰি থাকে। যদি এজনে মাতে, আন জনে নামাতে, মতা জনৰ কথাখিনি নমতা জনে জানিবলৈ পায়, কিন্তু নমতা জনৰ কথা মতা জনে জানিবলৈ নাপায়। পাচত নমতা জনে সেই বাবে নিজৰ সুবিধা কৰি লব পাৰে। এতেকে,— মাত-বোল নকৰি অৰ্থাৎ মনোভাব আনক জানিবলৈ নিদি স্বাৰ্থ-সিদ্ধি কৰা , to serve one’s interest by disceends.