পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
নাওয়ে
নাখালে
১৫৬


in slightly although dire consequences may result, to keep up vanity at the greatest sacrifice.

নাওৱে গাওঁৱে একে—বিণ, [ নামে গ্ৰামে একে ] ( গ্ৰাম = গুণগ্ৰাম। ) নাম অনুযায়ী গুণাৱলী থকা, possessing qualities appropriate to the name.

নাও-পেটা মানুহ—বিং, নাওৰ তলিখন চেপেটা আরু দীঘলীয়া। এতেকে,— চেপেটা আৰু দীঘলীয়া পেটৰ মানুহ, a person with a boat- shaped belly i. e. an extended level belly.

নাক-কটা—বিণ, নাক কটা অপমানৰ বিষয়। এতেকে,—অপমানজনক, dis- graceful.

নাকটো গুৰি চপাই কটা—ক্ৰি, আহোম ৰজাৰ দিনত নাক-কটা, দণ্ডৰ বিধি আছিল। অপৰাধৰ গুৰুত্ব অনুযায়ী নাকৰ পৰিমাণ কটা হয়। অতি ডাঙ্গৰ অপৰাধ হলে নাকটো গুৰিলৈ চপাই কটা হয়। এনে কাৰ্য্যৰ দ্বাৰ অপৰাধীক অতি লাজ দিয়া হয়। এতেকে,—অতিপাত লাজ পোৱা, to be ashamed exceedingly.

নাকৰ তলে গোজা—ক্ৰি, নাকৰ তলত মুখ থাকে। এতেকে,—-মুখে দি গুঁজি দিয়া অৰ্থাৎ মুখেৰে খোৱা। ( বিদ্ৰুপ ), to thrust into the opening down the nose i. e. to eat. (used ironically.)

নাক-কাণ কটা— বিণ, আহোম ৰজাৰ দিনত নাক আৰু কাণ কাটি দণ্ড দিয়া বিধি আছিল। যি মানুহৰ লাজ নাইকিয়া, সেই মানুহে মাথোন এনে গুৰু দণ্ড পোৱাৰ যোগ্য অপৰাধ কৰিছিল। এতেকে,—-নিলাজ, scandalous, disgraceful.

নাক চকু লগা মানুহ— বিং , নাক আৰু চকু সকলো মানুহৰে গাত লগা থাকে। এতেকে,— বিশেষত্ব নথকা, সৰ্ব্ব-সাধাৰণ মানুহ, person of everage qualification.

নাকৰ পানী চকুৰ পানী একে হোৱা—ক্ৰি, বৰকৈ কান্দিলে নাকৰ পানী আৰু চকুৰ পানী ওলাই একাকাৰ হয়। এতেকে,—বৰকৈ কন্দা, to weep bitterly.

নাকনী-কাননী হোৱা— ক্ৰি, [ কাননী-নাকনী হোৱা চোৱাঁ ] নাখালে