পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নগাৰ
১৫৩

available for use,

নগাৰ সংক্ৰান্তি—বিং, অসমীয়া হিন্দু মানুহে সংক্ৰান্তিৰ দিনা লঘোণ দিয়ে আৰু হাল-খতি কৰে। কিন্তু নগাই সেইবিলাক নিয়ম একো নামানে। এতেক,—ধৰ্ম্মহীন মানুহৰ ধৰ্ম্মানুষ্ঠান, religious observation of a person who has no religion.

নগৈ গৰগাওঁৰ বাতৰি কোৱা—ক্ৰি, গৰগাওঁ আসামৰ ৰাজধানী আছিল। সেই নগৰ এনে চমৎকাৰ আছিল যে তালৈ গৈ নিজ চকুৰে নেদেখে মানে লোকৰ মুখে শুনি তাৰ বিবৰণ যথাযথ ধাৰণা কৰা অসম্ভৱ আছিল। এতেকে,— আন্দাজত কথা কোৱা, to speak hearsay, to speak by guess.

নচুৱাই লৈ ফুৰোৱা—ক্ৰি, বান্দৰক নচুৱাই লৈ ফুৰোৱা হয়। মানুহটোৱে যেনেকৈ নচুৱায়, বান্দৰে তেনেকৈ নাচে। এতেকে,—চলাওঁতা মানুহে পৰক তাৰ (চলাওঁতাৰ) মততে চলাই লৈ ফুৰোৱা, to compel to submit to one's will subserviently.

নজনা জনা—বিং, যাক কোনও নাজানে অৰ্থাৎ যাৰ ৰূপ অবিদিত সেই জনা পুৰুষ,ঈশ্বৰ, the unknown i.e. God.

নপতা ফুকন—বিং, ৰজাই পাতিলে হে ফুকন বিষয় পাব পাৰি। এই স্থলত, কোনেও নপতাকৈ ফুকন হৈছে বোলা হৈছে। এতেকে,—নিজে নিজে ডাঙ্গৰ বুলি ফুৰা মানুহ, মইবৰ মানুহ, অহংকাৰৰ ওপৰত প্ৰতাপ দেখুওৱা মানুহ, a self-styled lord, an over-bearing person.

নমো নমো পাৰিজাত—বিং, পাৰিজাত বিশুদ্ধ স্বৰ্গীয় ফুল। 'নমো নমো পাৰিজাত’ বুলি এই ফুলৰ স্তুতি আৰম্ভ কৰা হয় বুজোৱা হৈছে। বিশুদ্ধ মানুহক পাৰিজাত ফুলেৰে তুলনা কৰা হৈছে। এতেকে,—নীতি- ধৰমৰ পৰাকাষ্ঠা, excessive orthodoxy.

নৰ-মনিচক ছদ্ম দেখুওৱা—ক্ৰি, নৰ-মনিচ। নৰ-মনুষ্য। দেবযোনি বা ভূঁত- যোনিয়ে বা অদ্ভুক্ত ক্ষমতাশালী পুৰুষে সাধাৰণ মানুহক অমানুষিক কাৰ্য্য দেখুওৱা, the showing of a miracle to an ordinary man by a spiritual being or by a man of superior intelligence.

নল মৰি গজালি ওলোৱা—ক্ৰি, নল পৰিণত হৈ শুকাই মৰি যায়। কিন্তু

২৭