পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিন
দীঘল
১৪০

বিষয়ৰ প্ৰস্তাবত উভয় পক্ষৰ সৰ্ত্ত মিল হোৱা, to come to terms

দিন উঠা—ক্ৰি, [ শুভ দিন উঠা ] শুভ দিন উদিত হোৱা, ভাগ্যোদয় হোৱা, the rising of fortune.

দিন উঠা—ক্ৰি, [ শুভ দিন উঠা ] শুভ দিন গুচা, সৌভাগ্য দূৰীভূত হোৱা, the coming of good days to all end.

দিন পৰা—ক্ৰি, (শুভ দিন পৰা ] শুভ দিন অন্ত হোৱা, সৌভাগ্য অৱসান হোৱা, the waning of fortune.

দিন পালে ক্ষণ পোৱা—ক্ৰি, বহু দিন পালে শুভ ক্ষণ উলিয়াই লব পৰা যায়। এতেকে,—সময় পালে সুযোগ পোৱা, to find opportunity by securing delay.

দিন ভিক্ষা কৰি তনু ৰক্ষা কৰা—ক্ৰি যি মানুহৰ সঞ্চিত ধন-বিত নাই, সি দিনে কাম কৰি তাৰ উপৰ্জ্জনৰ দ্বাৰা ঘৰ চলায়। এতেকে,—দিনে ভিক্ষা কৰি পোৱা অন্নৰ দ্বাৰা প্ৰাণধাৰণ কৰা অৰ্থাৎ নিচেই দুখীয়াভাৱে গৃহস্থালি চলোৱা, to live from hand to mouth.

দিন মন্দ হোৱা—ক্ৰি, (জ্যোতিষীয়া মাত) অৱস্থা অশুভ হোৱা, to be fallen on evil times.

দিনে নটা—ক্ৰি, (দিন=আয়ুস। ) আয়ুসৰ নাটনি হোৱা, অল্পায়ুস হোৱা, to to be short-lived.

দিনেকে দিনে—ক্ৰি-বিণ, [ দিনেকে দিনেকে ]( দিনেক = এক দিন। ) প্ৰত্যেক দিনে, every day.

দিহা লগা—ক্ৰি, (দিশ’ শব্দৰপৰা ‘দিহা’ শৰৰ উৎপত্তি হৈছে। ) ভাল ব্যৱস্থা হোৱা। তাৰপৰা— (ব্যঙ্গাৰ্থত) ডাঙ্গৰ অসুবিধা হোৱা, to be settled, hence (ironically) to be done for.

দিহিঙ্গে দিপাঙ্গে—ক্ৰি-বিণ, [ দিহাঙ্গে দিবাঙ্গে] দিহাং আৰু দিবাং শদিয়াৰ ওপৰে আছে। এই দুই নৈ নামি আহি ব্ৰহ্মপুত্ৰৰ আকাৰ ধাৰণ কৰিছে। এতেকে,—যতে ততে বিপদসঙ্কুল ঠাইত, in distant regious attended with danger.

দীঘল দি পৰা—ক্ৰি, মাটিত হাত ভৰি মেলি দীঘল দি পৰি সাষ্টাঙ্গ প্ৰণিপাত কৰা হয়। এতেকে,--সম্পূৰ্ণৰূপে সেও হোৱা, to submit unconditionally.