পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অলপতে
আই

থয় গৈ। এতেকে,—কোনো বস্তু এঠাইৰপৰা আন এঠাইলৈ নিয়া অৰ্থাৎ বিশৃঙ্খল কৰা, to scatter about things in confusion, to put things into disorder.

অলপতে কলপ কটা—ক্ৰি, সাপে মোট সলোৱাকে কলপ কটা বোলে। অলপতে কলপ কাটিছে বুলিলে বুজা যায় যে অলপ পূৰ্ব্বতে সাপ সেই ঠাইত আছিল, আৰু ভাগ্যে হে তাত থকা মানুহ জনৰ কোনো অপকাৰ নহ’ল। এতেকে,—অলপতে ৰক্ষা পোৱা, কথমপি সাৰি যোৱা, to have a narrow escape.

অলপ পানীৰ মাছ—বিং, তাকৰীয়া পানীত মাছে চেল-চেলাই ফুৰে। এতেকে,— চেল-চেলাই ফুৰা অলপ-ধতুৱা তুচ্ছ মনুহ, a contemptible person.

অৱস্থা নাইকিয়া—বিণ, [শৰীৰৰ অৱস্থা-নাইকীয়া] অতি-ক্ষীণ, emaciated.

অ হৰি অ ৰাম বোলা—ক্ৰি, সবাহ-হুৰুষাত ‘অ হৰি অ ৰাম’ বুলি নাম ধৰা হয়। এতেকে,—ঈশ্বৰক চিত্তি কোনো কাৰ্য্য আৰম্ভ কৰা, to begin a work auspiciously.

আ।

আইটী বাইটী বুলি ফুৰা,—ক্ৰি, কোনো তিৰোতা আইটী আৰু কোনো তিৰোতাক বাইটী এনে সম্বোধন কৰি ফুৰা অৰ্থাৎ হলিগলিকৈ ফুৰা, to live in a too familiar way with all.

আইটী-মাক—বিং, জীয়েকক আইটী বুলি মতা যায়। এতেকে,—ঘৈণীয়েক, the mother of ones daughter i.e, wife.

আই ধৰ বাই ধৰ লগা—ক্ৰি, কোনো বিপদ হলে আই ধৰা বাই ধৰ বুলিৰ যাৰে তাৰে