পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দহটকীয়া
দানে
১৩৯


বেলিয়ে সলাই কথা কোৱা, to change one's opinion every time.

দহটকীয়া হোৱা—ক্ৰি, কোনো মানুহে বহু টকা রুপৰ গৰাকি হলে যেনে হয় তেনে হোৱা; গম-গমীয়া হোৱা; সুস্থ ও সবল হোৱা, to be strong and vigorous

দহো কুৰি—ক্ৰি-বিণ, দহো কুৰি শপথলৈ মন কৰি নিশ্চিতকৈ, অৱশ্যে অৱশ্যে certainly, without fail.

দক্ষিণা লোৱা খোজ দিয়া—ক্ৰি, বামুণে শ্ৰাদ্ধাদিত দক্ষিণা লবৰ নিমিত্তে অতি বেগেৰে খোজ দিয়ে। এতেকে,—অতি বেগেৰে খোজ দিয়া, to walk too fast.

দাং খাই উঠা—ক্ৰি, [খঙ্গত দাং খাই উঠা] অধিক খঙ্গত মানুহে ইচ্ছা নকৰা স্বত্ত্বেও দাং খাই উঠে অৰ্থাৎ থিয় হয়। যুঁজিবলৈ হলে মানুহে থিয় হব লাগে। এতকে,—খঙ্গৰ ভমকত থিয় হোৱা, যুঁজিবলৈ উদ্যত হোৱা, to rise to one's feet in a menacing attitude, to show fight.

দাতা কৰ্ণ—বিং, কৰ্ণে নিজৰ পুতেক বৃষকেতুক বামুণক দান দিছিল। এতেকে,— মহাদানী পুৰুষ, a great philanthropist.

দান চাই দক্ষিণা-—বিং, বামুণক দান দিওঁতে দানৰ লগত দক্ষিণা দিব লাগে। দান যদি ডাঙ্গৰ হয়, দক্ষিণা বেচিকৈ দিব লাগে। দান যদি সৰু, দক্ষিণা তাকৰকৈ দিব লাগে। এতেকে,—যথোচিত কাৰ্য্য, an appro- priate action.

দান-মান কৰা—ক্ৰি, কোনো মানুহক এটা বস্তু দি ঘূৰাই আনিলে

তেওঁক এবেলি মান কৰি ঘূৰি অমান কৰা হয়। এতেকে,—কোনো 

মানুহক এবেলি মান কৰি ঘূৰি অমান কৰা, সম্ভ্ৰম দেখুৱাই অব্যবহিত পাচতে অসম্ভ্ৰম দেখুওৱা, to show disrespect immediately after respect.

দান্তে তৃণ ধৰা—ক্ৰি, পূৰ্ব্ব কালত শৰণাগত হলে দাঁতেৰে তৃণ কামুৰি ধৰাৰ নিয়ম আছিল। এতেকে,--শৰণাগত হোৱা, to own allegiance to submit.

দানে ভাওৱে অহা --ক্ৰি, কিনোতাই কিনিবৰ দামে-ভাওৱে মিল হোৱা কোনো