পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দলনিত
দহখন
১৩৮


কৰা, to make very great delay in doing a thing.

দলনিত পোনা মেলা—ক্ৰি, দলনি ডাঙ্গৰ জলাশয়। দলনিত গৰৈ শল, শাল আদি মাছে অসংখ্য পোনা জগাই মেলি দিয়ে। পোনাবিলাকে চাৰিও পোনে সিঁচিৰতি হৈ অনাই-বনাই ফুৰে। এতেকে, অনাই-বনাই ফুৰা অৱস্থা কৰা, থান-থিত নোহোৱা কৰা, অত্যন্ত দুৰ্দ্দশাগ্ৰস্ত কৰা, নিৰাশ্ৰয় কৰি এৰি দিয়া, to set a person at large without any one to protect him, to let a person loose in the broad world without any one to take care of him.

দশৰথৰ এগছ কূটা দুগছ নকৰা— ক্ৰি, এগছ কুটা ছিঙ্গি দুগছ কৰিলে যৎসামান্য কাৰ্য্য কৰা হয়। এই স্থলত, সিমান ফেৰাও কাৰ্য্য নকৰে বোলা হৈছে। ঘৰখনত দহ গছ কুটা থাকে অৰ্থাৎ অনেক সৰু-সুৰা কাম থাকে। সেইবিলাক কামৰ এফেৰিকে নকৰে বোলা হৈছে। ‘দশৰথৰ' বিশেষ একো অৰ্থ নাই। দশ’ শব্দ যোগ দি এটি সংজ্ঞা শব্দ যুগুত কৰা হৈছে মাথোন। এতেকে,—সমূলি কাম-বন নকৰা, to do absolutely no work, to lie wholly inactive,

দহ বুলিলে দহ হোৱা, পঁচি বুলিলে পঁচি হোৱা—ক্ৰি, (কড়ি খেলৰ বাক্য) পঁচি =পঁচিছ। দহ বুলি কড়ি পেলাই দিলে দহ পৰে আৰু পঁচি বুলি পেলালে পঁচি পৰে। এতেকে,—যিহকে বোলা যায় সেয়ে হোৱা অৰ্থাৎ ইচ্ছানুযায়ী কাৰ্য্য হোৱা, to have anything ful- filled according to one's desire.

দহ ভকতৰ আঁৰ হোৱা—ক্ৰি, কোনো মানুহ মৰিলে সি দহ ভকতৰ (ৰাইজৰ) আঁৰ হয়, অৰ্থাৎ তাক ৰাইজে সংসাৰত আৰু দেখিবলৈ নাপায়। এতেকে,—মৃত্যু প্ৰাপ্ত হোৱা, to die,

দহ ভকতৰ আশীৰ্ব্বাদ—বি,, (দহ ভকত=ৰাইজ। ) ৰাইজৰ আশীৰ্ব্বাদ, the blessing of the people.

দহ ভকতৰ দোষে ছোৱা—, (দহ ভকত=ৰাইজ। ) ৰাইজক অসন্তোষ দিয়াটো দূষণীয় কাৰ্য্য। (দোষে ছোৱা= দোষ লগা ) এতেকে,— ৰাইজৰ বিৰক্তিভাজন হোৱা, to incur the displeasure of the public.

দহখন মুখে কথা কোৱা—ক্ৰি, দহ বেলি দহ ৰকমে কথা কোৱা, বেলিয়ে