পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দাঁত
দৰ
১৩৭

দ।


দাঁত কৰচা—ক্ৰি, বৰকৈ খং উঠিলে মানুহে দাঁত কৰচে। এই বাক্য অকৰ্ম্মক আৰু সকৰ্ম্মক উভয় প্ৰকাৰে ব্যৱহৃত হয়। এতেকে,—বৰকৈ খং উঠা বা খং কৰা, to be infuriated, to reproach over much.

দাঁত ছেলোৱা—ক্ৰি, মৰা মানুহে দাঁত ছেলাই পৰি থাকে। এতেকে,— মানুহৰ দৰে একো কৰিব নোৱৰাকৈ পৰি থকা, অকৰ্ম্মণ্য হোৱা, to lie useless.

দাঁত ছেলোৱা—ক্ৰি, (ছেলোৱা =উলিওৱা ) বৰকৈ হাঁহিলে দাঁত ওলাই থাকে। এতেকে,—বৰকৈ হঁহা, to laugh outright.

দাঁত নিকটোৱা—ক্ৰি, মৰা শৰ দাঁতবিলাক নিকট খাই থাকে অৰ্থাৎ ওলাই থাকে। এতেকে,—মৃত্যুগামী হোৱা, to die.

দাঁত নিকটোৱা— ক্ৰি, বৰকৈ হাঁহিলে দাঁত নিকট খায় অৰ্থাৎ ওলাই থাকে। এতেকে,—বৰকৈ হঁহা, to laugh outright.

দাঁত নিকটোৱা—ক্ৰি, মেকুৰী বা কুকুৰক খেদি নিলে যেতিয়া সি সাৰিব নোৱৰা হয়, তেতিয়া উভতি দাঁত নিকটাই দেখুৱায়। সেইৰূপে মানুহে কোনো দোষ কৰিলে যদি সাৰিব নোৱৰাকৈ ধৰা পৰে, তেতিয়া সি লাজত দাঁত নিকটাই হঁহাৰ ভাব দেখুৱায়। এতেকে,—বৰকৈ লাজ পোৱা, লাজত উপায় নোপোৱা, to be put out of countenance.

দাঁতে দাঁতে লগা—ক্ৰি, মৃত্যুৰ সময়ত মুখ মেলিব পৰা নাযায়। তেতিয়া ওপৰৰ দাঁতে তলৰ দাঁতে লাগি ধৰ। এতেকে,—মৃত্যুকাল উপস্থিত হোৱা, to be on the point of death.

দন্দ জোকোৱা-ক্ৰি, আগৈয়ে নিজে জোকাই দন্দ পাতি লোৱা, to pick a quarrel.

দমদমোৱা—ক্ৰি, মাটিত গোৰাহানি মাৰি, দম্ দম্ শব্দ কৰা, খঙ্গাল ভাব দেখুওৱা, to assume an offensive attitude,

দৰা দেখুৱাই সুৱাগুৰি তোলা—ক্ৰি, বিয়াত দৰা কন্যা-ঘৰলৈ অহাৰ পূৰ্ব্বেই সুৱাগুৰি তোলাৰ নিয়ম। দৰা আহিলে দৰাক দেখুৱাই সুৱাগুৰি

তুলিবলৈ যোৱাটো গহৰিৰ কাৰ্য্য। এতেকে,-- অতি বিলম্বকৈ কাৰ্য্য

১৮