থ।
থল গৰকা—ক্ৰি, থল (স্থল) গৰকিলে বহে। এই স্থলত কোনো থলৰ মানুহক
গৰকা বুজোৱা হৈছে। এতেকে,—কোনো ঠাইৰ মানুহবিলাকক
কিছুকাল থাকি বহুওৱা অৰ্থাৎ বশ কৰা, to establish one's
reputation in a place by riding in it for some time.
থান-থিত নোহোৱা—বিণ, [ স্থান-স্থিতি নোহোৱা ] লৰি ফুৰা অৰ্থাৎ ঘৰ-বাৰী নোহোৱা দুখীয়া, vagabond, indigent,
থালি ভগা জুইয়ে খেদা—ক্ৰি, কুঁহিয়াৰৰ ৰহিৰ থালি ভাগিলে থালি-গীতৰ জুইয়ে সন্মুখত যাকে পায় তাকে ভস্মীভূত কৰে। এতেকে,—পিচে পিচে নেৰা-নেপেৰাকৈ খেদি যোৱা, অনবৰত দ্ৰোহ আচৰা, to pursue relentlessly, to continue to act hostilely.
থিয়-কাণ—বিং, হাবিত জন্তুৱে খিৰিক-খাৰাক শব্দ হলে কাণ থিয় কৰি শুনে। এতেকে,—সজাগ, সাৱধান, wakeful, vigilant.
থিয় গোৰ—বিং, থিয় হৈ মৰা গোৰ, টান গোৰ, a severe kick.
থিয়ৈ থিয়ৈ স্বৰ্গলৈ যোৱা—ক্ৰি, অতি পুণ্যাত্মা মানুহে পূৰ্ব্বকালত থিয় হৈ থকা অৱস্থাৰে স্বৰ্গলৈ গৈছিল বুলি কয়। এতেকে,—স্ব-শৰীৰে স্বৰ্গলৈ যোৱা; ধৰ্ম্মজীৱন ধাৰণ কৰা, to ascend the heaven in flesh and blood; to lead a saintly life.
থিয়ৈ মৰা— ক্ৰি, থিয় অবস্থাতে বা তৎক্ষণাৎ মৰা অৰ্থাৎ নভবা-নিচিন্তা ডাঙ্গৰ বিপদত পৰি মৰাপ্ৰায় হোৱা , to be ruined by falling in to an unforeseen danger.
থুকুচি পেলোৱা—ক্ৰি, কোনো বস্তু গড়ত থৈ থুকুচ-থুকুচ-কৰে দাৰে কাটি পেলোৱা হয়। এই স্থলত ককৰ্থনাৰ দ্বাৰা থুকুচি পেলোৱা বুজোৱা হৈছে। এতেকে,—ককৰ্থনাৰ দ্বাৰা কাটি পেলোৱাৰ তুল্য কৰা অৰ্থাৎ বৰকৈ ককৰ্থনা কৰা, to scold sharply.
থুপৰী তিৰোতা— বিং , থুপৰী=(থোপোৰা+ঈ, স্ত্ৰীলিঙ্গ। ) জন্মগত আসোঁৱাহ থকাত কোনো তিৰোতাই থোপোৰা লাগি থাকে। কন্যাকালৰ সময় হোৱাতো তেনে তিৰোতাৰ কন্যাকাল নহয় আৰু তেওঁ গৃহস্থালী কাৰ্য্যতো অকামিলা হয়। এতেকে,—বাঢ়িব নোৱৰা কঁটিয়া তিৰোতা