পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তিৰী-মতি
তীখৰচিং
১৩২


মহাশত্ৰু। এতেকে--মহাশত্ৰু, a deadly enemy.

তিৰী-মতি মানুহ—বিং, শিক্ষা আৰু অভিজ্ঞতাৰ অভাৱত তিৰীৰ মতি বা বুদ্ধি পুৰুষতকৈ কম। এতেকে,—কম বুদ্ধিৰ তিৰোতা মানুহ, a frail woman.

তিৰোতা-সেৰুৱা—বিণ, [ তিৰোতাক সেৱা কৰা ] ঘৈণীয়েকৰ বশবৰ্তী, hen- pecked,

তিল-তৰ্জ্জু —বিণ, যাৰ দ্বাৰা এটা তিলৰ সমান গধুৰ বা পাতল হলেও ধৰিব পৰা যায় তেনে তৰ্জ্জু এতেক,—এতিলো কম-বেচ নোহোৱা সমান, well-balanced, exact.

তিল-পৰিমাণে—ক্ৰি-বিণ, তিল সৰু গুটি। এতেকে,—অলপ পৰিমাণে, তাকৰকৈ, to a small extent, slightly.

তিল-মাহ খোৱা-ক্ৰি, প্ৰবাদ আছে যে যমলোকলৈ যাওঁতে বৈতৰণী নৈ পাৰ হৈ যাব লাগে। বহু মানুহে সি-পাৰে হাতত তিলৰ লাৰু আৰু মাহৰ লারু লৈ থিয় দি থাকে। বৈতৰণী পাৰ হওঁতে তিৰোতা মানুহৰ বৰকৈ ভাগৰ লাগে। তিল-মাহৰ লাৰু খাই তেওঁবিলাকে বল পায়। যি জনা পুৰুষৰ হাতৰপৰা যি জনা তিৰোতাই লারু খায়, সেইপুৰুষক সেই তিৰোতাই এই জন্মত স্বামী পায়। এতেকে,-- পূৰ্ব্ব-জন্মত স্বামী নিৰ্দ্ধাৰিত হোৱা, to have a person as husband according to a pre-ordained decree.

তিলকে তাল কৰা—ক্ৰি, তিল অতি ক্ষুদ্ৰ, বি তাল ডাঙ্গৰ বস্তু। এতেকে, অতি ক্ষুদ্ৰ কথা এটাকে ডাঙ্গৰ কৰি কোৱা, বৰকৈ বঢ়াই কোৱা, to exaggerate.

তিলোত্তমা—-বিণ, সুন্দ আৰু উপসুন্দ দুই ভায়েক অতি প্ৰতাপী অসুৰ আছিল। দেৱতা সকলে তেওঁবিলাকক ঘটুৱাব নোৱাৰি বিষ্ণুৰ সাহায্য খুজিলে। বিষ্ণুৱে বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলোৰে পৰা তিল তিল কৰি সৌন্দৰ্য্য নি এজনা উত্তম কন্যা স্ৰজি সুন্দ আৰু উপসুন্দৰ ওচৰলৈ পঠালে। অনুপমা কন্যালাভ কন্যালাভ কৰিবৰ নিমিত্তে দুইৰো ভিতৰত তুমুল যুদ্ধ হ’ল, আৰু শেষত দুয়ো নিহত হল। এতেকে,— অতি ৰূপৱতী কন্যা, a paragon of beauty.

তীখৰচিং— বিং, [তীখৰ সিংহ ] তীখাৰ নিচিনা মানুহ, চোকা মানুহ, a sharp