পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তিনি-পৰীয়া
তিৰী-বৈৰী
১৩১

আঞ্জাত তেল মাৰি খায়। (তেলনি = বহু তেল। অধিক অৰ্থ বুজাবলৈ ‘অনি’ প্ৰত্যয় ব্যবহৃত হয়। ) এতেকে,— উপাদেয় ভোজন কৰা, to eat a dish of delicacies.

তিনি-পৰীয়া বেলি—ক্ৰি-বিণ, [ দিনৰ তিনি পৰীয়া বেলি] দিনৰ তিনিপৰ সময় পাৰ হলে ৰাতি হবলৈ আৰু এপৰ মাথোন বাকী থাকে। এতেকে,— বহু পৰত, at a late hour.

তিনি ভুবন দেখা—ক্ৰি, পলাই সাৰিবলৈ ঠাই বিচাৰি গৈ ,স্বৰ্গ, মৰ্ত্ত্য, পাতাল এই তিনি ভূবন দেখা পায় বোলা কৈছে। এতেকে,—হেবাথুৰি খাই ফুৰা, বিতত হোৱা, to flee for life.

তিনি মুনি বাট—বিং, [ তিনি মুৰী বাট] তিনি বাটৰ মূৰত যোগ হোৱা ঠাই, a place where three roads meet.

তিনি সত্য খোৱা—ক্ৰি, তিনি বেলি ‘সত্য কৈছো বুলি শপত কৰা অৰ্থাৎ দৃঢ় শপথ কৰা , to take a solemn oath.

তিপচিয়ে গৰুড়ৰ উৰাও মাৰিব খোজা—ক্ৰি, তিপচি অতি সৰু চৰাই। গৰুড় মহাপক্ষী। তিপচিয়ে গৰুড়ৰ উৰাও কেতিয়াও মাৰিব নোৱাৰে। এতেকে,—অসম্ভৱ কাৰ্য্য কৰিবলৈ চেষ্টা কৰা, to attempt an impossible feat

তিপচিৰ ভজা—বিং, তিপচি একণিমান চৰাই, তাৰ মঙ্গহ ভাজি খাবলৈ দিয়া নগণ্য কথা। এতেকে,—নগণ্য উপহাৰ, a humble gift

তিৰীবধ, গো-বধ, সাত কপিলা বধ— বিং , হিন্দু-ধৰ্ম্মমতে তিৰোতা-বধ, গৰু-বধ, সাতোটা কপিলা গৰু-বধ এইবিলাক মহাপাপৰ ভিতৰত গণ্য। এই বিলাক কৰিলে যিমান পাপ হয়, কোনো কাৰ্য্য কৰিলে সিমান পাপ হব বুলি, শৰণ দিবলৈ এই বাক্য ব্যবহৃত হয়, a form of oath binding oneself most solemnly to do a thing and inviting damnation upon ones head in the vent , the thing not being done.

তিৰী-বৈৰী সীমা বৈৰী—বিং, ( তিৰী=বিবাহিতা তিৰী, ঘৈণীয়েক। সীমা= মাটিৰ সীমা ) যি মানুহে পৰৰ তিৰোতাক ভাঙ্গে অৰ্থাৎ ভঙ্গুৱাই নিজৰ তিৰোতা কৰিবলৈ যায় আৰু যি পৰৰ মাটিৰ সীমা ভাঙ্গে অৰ্থাৎ পৰৰ মাটি ঠেলি নিজৰ সীমাভুক্ত কৰে, সেই মানুহে যাৰ