পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অবাইচ্‌
অ’ৰ

use uncivil language.

অবাইচ্‌ মাত—বিং, [অবাচ্য মাত] কব-নলগীয়া মাত, অশিষ্ট ভাষা, uncivil language.

অভ্যাসত কৰ্ণপথে শৰ কৰা—ক্ৰি, আগৰ দিনত আসামত অভ্যাসৰ দ্বাৰা কাণৰ বাটে দি কাঁড় সৰকাই ধনুৰ্ব্বিদ্যাত পাৰ্গতালি দেখাইছিল। এতেকে,—অভ্যাসৰ দ্বাৰা কঠিন কাৰ্য্যও সিদ্ধি কৰিব পৰা, to be able to work wonders by habit.

অমঙ্গল মাতি অনা—ক্ৰি, উদ্ভণ্ডালি কৰিলে অমঙ্গল নিজে মাতি অনাৰ দৰে হয়। এতেকে —উদ্ভণ্ডালিৰ দ্বাৰা অমঙ্গল চপোৱা, to bocome sub- ject to evil by deliberately committing excess in anything.

অময়া ভকত—বিং, [অমায়া ভকত] যাৰ মায়া অৰ্থাৎ ভেদ-জ্ঞান নাই তেনে পুৰুষ, সমদৰ্শী পুৰুষ, a high-souled person in whoso eye all worldly distinctions vanish.

অময়া লৰা—বিং, [অমায়া লৰা] সৰু ল'ৰাই ৫ বছৰ বয়সলৈকে মায়াৰ অতীত অৱস্থাত থাকে। এতেকে,—কেঁচুৱা ল’ৰা, an infant.

অময়া সুখ—বিং, [অমায়া সুখ] মায়া দুখৰ হেতু। যাৰ মায়া নাই, তেওঁৰ অবিচ্ছিন্ন সুখ। এতেকে,—পৰম সুখ, bliss, highest happi- ness.

অমাতৰ মাত—বিং, যাৰ মাত বেগতে শুনিবলৈ পোৱা নাযায় তেনে জনৰ মাত, অতি শুৱলা মাত, a siren voice, sweetest voice.

অমূৰ্ত্তক জ্বৰ—বিং, চহা মতে জ্বৰ এটা অপদেৱতা। জ্বৰে কেতিয়াবা মূৰ্ত্তি ধৰি দেখা দিয়ে। এই স্থলত অমুৰ্ত্তকভাৱে আবিৰ্ভূত হৈছে বুলি কোৱা হৈছে অৰ্থাৎ সি স্বয়ং আহি অমূৰ্ত্তকভাৱে জ্বৰীয়া মানুহটোৰ গাত লম্ভিছে। এতেকে,—অতি উগ্ৰ জ্বৰ, very high fever.

অ’ৰ গোঁসাই ত’লৈ নিয়া—ক্ৰি, বামুণে ভাগ ভাগ কৰি ফুল থয়। এটা এটা ভাগক এজন এজন গোঁসাই অৰ্থাৎ দেৱতা বুলি কল্পনা কৰি লোৱা হয়। পূজা কৰোঁতে অ’ৰ ফুল ত’লৈ নিয়ে অৰ্থাৎ ইয়াৰপৰা এপাহ ফুল নি তাত থয় গৈ, আৰু তাৰপৰা এপাহ ফুল নি আন এঠাইত