পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তামোল-পান
তিতা-মুৰীয়া
১২৯


তামোল-পান কটা হয়। এতেকে, —বিয়াৰ বন্দৱস্ত ঠিক হোৱা, as retify negotiation of marriage.

তামোল-পান দি জনোৱা—ক্ৰি, ডাঙ্গৰ মানুহক কোনো কথা জনাবলৈ হলে তামোল-পান আগবঢ়াই জনোৱা হয়। এতেকে,—-শ্ৰদ্ধা-ভক্তিৰে কোনো কথা জনোৱা, to represent anything reverentially to a distinguished person.

তাৰকা ৰাক্ষসী—বিং, তাৰকা ভয়ঙ্কৰ ৰাক্ষসী আছিল। পঞ্চ পাণ্ডৱৰ অজ্ঞাত- বাসৰ কালত এই ৰাক্ষসীয়ে মূখ মেলি ভীমক গিলিবলৈ আহোঁতে ভীমে তাইক বধ কৰিলে। এতেকে,— ডাঙ্গৰ-দীঘল ৰাক্ষসী- স্বভাবাপন্ন তিৰোতা, an amazon.

তাল-জুৰীয়া লৰা—বিং, এজোৰৰ দুপাট তাল হু-বহু সমান। তাল যেনেকৈ বাজে, লৰাইও সেইৰূপে বাজে, অৰ্থাৎ ইটোৱে সিটোৱে দন্দ-হাই কৰে, এই কথাৰপৰা ল'ৰাক তালেৰে তুলনা কৰা হৈছে। এতেকে,— হু-বহু সমান দুটা ল’ৰা, সমান বয়সীয়া আৰু দেখিবলৈ একে ৰকমৰ দুটা ল’ৰা, a couple of boys who are equal in all respects.

তালবাল খোৱা—ক্ৰি, [ টলবল খোৱা ] মুৰত ডাঙ্গৰ আঘাত পালে মুৰ টল- বলাই যায়। মানুহে ডাঙ্গৰ বিপদত পৰিলেও মুৰ ঘুৰাই যায়। এতেকে,—বিপদত পৰি অস্থিৰ হোৱা, to be deeply affected by misfortune.

ত্ৰাহি মধুসুদন-—বিং, এই বাক্য সংস্কৃত। ইয়াৰ দ্বাৰা ‘হে মধুসুদন, পৰিত্ৰাণ কৰাঁ’ এই অৰ্থ বুজায়। ভয়ঙ্কৰ বিপদত পৰিলে মানুহে এইৰূপে ঈশ্বৰৰ নাম লয়। এতেকে,—কোনো ভয়ঙ্কৰ বিপদৰ পৰা উদ্ধাৰ পাবৰ নিমিত্তে ব্যবহৃত হোৱা ঈশ্বৰলৈ কাকুতি-মিনতি, an earn pray to God for deliverance from a supreme crisis.

তিগ্ৰমান্তি খং উঠা—ক্ৰি, [ অত্যুগ্ৰমূৰ্ত্তি খং উঠা] অতি উগ্ৰভাৱে খং উঠা, to be highly irritated with anger.

তিতা দিয়া—ক্ৰি, তিতা বস্তু খাবলৈ বৰ বেয়া। এতেকে,—বৰকৈ বেজাৰ- অসন্তোষ দিয়া, to disgust greatly.

তিতা মূৰীয়া লগা—ক্ৰি, [ তিতা-মুখীয়া লগা ] বৰকৈ তিতা বস্তু খালে মুখখন

১৭