পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ঢোল
ঢৌতে
১২৬


ঢোকাও নপৰাকৈ থিয় দি থাকে। ঢোকাৰ তলৰ মূৰ মাটিত নেপোতাকৈ ওপৰতে লগাই থোৱা হয়। কলগছৰ হেঁচা নপৰিলে সি নিশ্চয় মাটিত পৰি যাব। বৰলোকক কলগছেৰে আরু ইতৰ লোকক ঢোকাৰে তুলনা কৰা হৈছে। এতেকে,—বৰলোক আৰু ইতৰলোক উভয়ে উভয়ৰ সাহায্যৰ দ্বাৰা কাৰ্য্য চলোৱা, the afford- ing of help mutually between a great man and an ordinary man.

ঢোল পিটি শুনোৱা—ক্ৰি, কোনো বাতৰি ভাল মতে ৰাষ্ট্ৰ কৰিবলৈ হলে তাক ঢোল পিটি শুনোৱা যায়। এতেকে,—বহুলকৈ প্ৰচাৰ কৰা, ৰাষ্ট্ৰ কৰা, to circulate widely.

ঢোলৰ লগত টেমেকা—বিং, ভাল ঢোল ধুম-ধুম কৰে বাজে। টেমেকা শব্দে টেমেক- টেমেক-কৰে বজা বেয়া ঢোল বুজায়। এতেক,—কোনো প্ৰধান মানুহৰ লগত অকিঞ্চিতকৰ মানুহ, a mean sorry fellow by the side of a distinguished person.

ঢৌ লেখা--ক্ৰি, নৈৰ পানীত অখংখ্য ঢৌ উঠে। যি মানুহৰ কোনো কাম-কাজ নাথাকে, সি পাৰত বহি কিমান ঢৌ ভটিয়াই গৈ আছে, তাকে লেখি থাকে। এতেকে,-কাম-বন নকৰি কাল কটোৱা, নিষ্কৰ্ম্মা হৈ থকা, to idle away time.

ঢৌতে খৰ মৰা—ক্ৰি, পানীত সাতোঁৰোঁতে খৰ মৰা হয়। কিন্তু বাৰিষা ঢৌ উঠিলে খৰ মাৰিবলৈ টান হয়। যিবিলাক পাকৈত মানুহ, সেইবিলাকে ঢৌৰ পাক বুজি ঢৌতে খৰ মৰিব পাৰে, অৰ্থাৎ ঢৌ উঠোঁতে তাৰ লগতে গাটো দাঙ্গি দি ঢৌ পৰোঁতে তাৰ লগতে গাটো লুটিয়াই পেলায়। এতেকে,--জঞ্জালৰ ভিতৰতে আজৰি উলিওৱা, to snatch away time from busy moments to be able to do something else'