পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঠাই
ঠেলিয়াই
১২০


হয়, তেনেহলে সি সেই বাবে শলাগ লব লাগে। এই স্থলত কোৱা হৈছে যে শলাগ লোৱা দূৰত থাকোক সি নানা প্ৰকাৰ আসোৱাঁহ ধৰি গিৰিহঁতৰ আগত নানা প্ৰকাৰেৰে টপটপাই কথা কৈ থাকে। এতেকে,—কোনো মানুহক আশ্ৰয় দিলে সি শলাগ নলৈ নানা প্ৰকাৰৰ আসোঁৱাহ ধৰা, to hear complaints from a protege for shortcomings made instead of expressions of grati- tude for benefits received.

ঠাই নাইকিয়া—বিণ, কোনো বস্তু অতিৰিক্ত হলে থবলৈ ঠাই নাইকিয়া হয়। এতেকে,—অতিৰিক্ত, অপৰিমিত, অসংখ্য, excessive, plenti- ful, innumerable.

ঠৰঙ্গা পচলা—বিং, মানুহে কল-পুলি পচলা কৰি খায়। কল-পুলিৰ ডাঙ্গৰ-পাত নাথাকে, আৰু তাত থোক নপৰে। বতাহ বলিলেও সি ঠৰঙ্গা হৈয়েই থাকে, হালি-জালি নাযায়। এতেকে—, ঠৰঙ্গা হৈ থকা অৰ্থাৎ লৰচৰ নকৰা মানুহ, বন-বাৰি কৰিবলৈ অনিচ্ছুক মানুহ, one who is too lazy to move, an extremely indolent person.

ঠেং নচুৱাই থকা—ক্ৰি, বন-বাৰি নোহোৱা মানুহ বহি বহি ঠেং জোকাৰি থাকে। এতেকে,—এলাহত কালহৰণ কৰা, to spend time idly

ঠেঙ্গৰ ওপৰত ঠেং তোলা- ক্ৰি, সুখীয়া মানুহে আয়মেৰে ঠেঙ্গৰ ওপৰত ঠেং তুলি থাকে। এতেকে,—আয়মেৰে থকা, সুখ-স্বচ্ছন্দতা উপভোগ কৰা, to lead a life of ease and comfort.

ঠেং-তলে যোৱা—বিণ, ঠেং শৰীৰৰ সকলো অবয়বৰ তলত থাকে। কোনো মানুহৰ ঠেঙ্গৰ তলে দি যি মানুহে সৰকি যায়, সেই সৰকি যোৱা মানুহটো প্ৰথম মানুহতকৈ বহু গুণে নাম খাপৰ বুলি বুজা যায়। এতেকে,—অতি অধম, inferior beyond comparison.

ঠেক ছিগা—বিণ, গছৰ ঠেৰু ছিগিলে সি উদগতি কৰিব নোৱাৰে। মানুহক গছেৰে তুলনা কৰা হৈছে। এতেকে,— প্ৰধান অৱলম্বনশূন্য, destitute of the principal support

ঠেলিয়াই কোৱা—ক্ৰি, এনেৰূপ ঠেলা মাৰি কথা কোৱা হয়, যে সেই কথা ঠেলা