পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
টেটুত
টোপনী-খকুৱা
১১৮


টেটুত ডোল এডাল দিয়া—ক্ৰি, টেটুত ডোল বন্ধা থাকিলে গৰুৱে যলৈকে ইচ্ছা কৰে তলৈকে যাব নোৱাৰে। সেইৰূপে মানুহে তিৰোতা বিয়া কৰিলে মুকলি-মূৰীয়াকৈ ঘৰ এৰি ফুৰিব নোৱাৰে। এতেকে—,বিয়া কৰাই দিয়া, ( মতা মানুহৰ সম্পৰ্কে খাটে। ) to get a man married.

টেটুলৈকে ধাৰ—-বিং, ধাৰৰ পৰিমান ইমান অধিক বোলা হৈছে যে আৰু অলপ যদি ধাৰ বাঢ়ে তেনেহলে মানুহটো সমুলি পোত যাব। এতেকে,— অপৰিমিত ধাৰ, heavy debt.

টেটোন টামন—বিং, টেটোন আৰু টামন নামেৰে দুট শিয়ান ভাই-ককাই আছিল। এতেকে,—অতি ধূৰ্ত্ত মানুহ, a too cunning fellow.

টোক্-টোক্ টাক্-টাক্ কৈ থকা—ক্ৰি, হাঁহে বোকা-পানীত ঠোঁটেৰে টোক্-টোক্ টাক্-টাক্ কৰি থাকে। এতেকে,—দুখীয়া নিচলাও মিলা-প্ৰীতিভাৱে কাল-যাপন কৰা, to lead a humble life.

টোকোৰা পজাঁ—বিং , ( পঁজা = জুপুৰি ঘৰ। ) টোকাৰাৰ বাহৰ নিচিনা বাসস্থান। সমূলি দুখীয়া ঘৰ, a wretched hut.

টোকোৰা লথিওৱা দিয়া— ক্ৰি, ( সাধুকথা) চৰায়ে বাহ কেনেকৈ বান্ধিব লাগে এই কথা ঈশ্বৰে টোকোৰাৰ আগত বুজাই দিলে। টোকোৰাই আন আন চৰাইক সেই বিদ্যা নিশিকালে। সেই অপৰাধত আটাইবিলাক চৰায়ে টোকোৰাৰ মূৰত লথিয়াবলৈ ধৰিলে। তেতিয়াৰপৰা টোকোৰা লথামুৰা হ'ল। এতেকে,—বহু মানুহে গোট খাই কোনো এজনক গাই-পতি অলপ-অচৰপ মাৰ-কিল কৰা the causing of some slight injury to one by each of a crowd of men.

টোটক-নাটক কৰা—ক্ৰি, [ টুটক-নাটক কৰা ] তালৈ টুটক অৰ্থাৎ কমক, তালৈ নাটক অৰ্থাৎ নোজোৰক এনেভাব কৰা, সামান্যভাৱে কপটাচৰণ কৰা, to act in a jealous spirit in petty affairs.

টোপ পৰিবলৈ নিদিয়া—ক্ৰি, চৰায়ে পোৱালিক টোপ খুৱাওঁতে মুখতে মুখ সুমাই দি খুৱায়, টোপ মাটিত পৰিবলৈ নিদিয়ে। এতেকে,—অতি চেনেহেৰে পালন কৰা। to foster with utmost solicitude, to bring with tender care,

টোপনি-খকুৱা—-বিণ, টোপনিলৈ খক অৰ্থাৎ হেঁপাহ, অধিককৈ শুই থকা, heavy with sleeping.