পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
টেকেলি-পেটা
টেটুত
১১৭

টেকেলিৰে পানী দিয়া উৎসৱ, the ceremony of giving water for the bath of the bride in a wedding.

টেকেলি-পেটা— বিণ, টেকেলিৰ নিচিনা পেট থকা, বৰ পেটুৱা, pot-bellied, having a prominent belly.

টেঙ্গৰৰ ডিঙ্গিত ডোল লগা—ক্ৰি, ডোল ডিঙ্গিত লাগিলে বেগতে নেৰায়। অজলা মানুহৰ ডোল ভৰিত লাগে অৰ্থাৎ ডোল লাগিলেও সি বেগতে তাক এৰুৱাব পাৰে, নিজে টেঙ্গৰৰ ডোল ডিঙ্গিত লগাৰ নিমিত্তে তাৰ সাৰিবলৈ টান পৰে। এই স্থলত বিপদক ডোলৰে তুলনা কৰা হৈছে। এতেকে,--টেঙ্গৰ মানুহে টেঙ্গৰালি কৰি ফুৰোঁত দৈবাৎ ধৰা পৰি বিপদত পৰিলে সাৰিবলৈ টান হোৱা the entangling of a cunning person in an inextricable difficulty.

টেঙ্গৰৰ সাতোটা গুণ থকা — ক্ৰি, সাতোটা =বহু সংখ্যক। 'গুণ’ শব্দে এই স্থলত দুৰ্গুণ অৰ্থাৎ ফিকিৰ বুজাইছে। এতেকে,—টেঙ্গৰ মানুহৰ বহু ফিকিৰ থকা the possessing of very many artifices by a clever person.

টেঙ্গা আম এবেলি বেচিব পৰা—-ক্ৰি, টেঙ্গা আম মানুহে জানি শুনি নিকিনে। বেচোঁতাই টেঙ্গা আমকে মিঠা বুলি ফাঁকি দি কেতিয়াবা বেচে। এই স্থলত কোৱা হৈছে, তেনে-ৰূপে সেই জন মানুহে এবেলি মাথোন বেচিব পাৰে, কিয়নো পিচলৈ তাৰপৰা আৰু সেই মানুহে কেতিয়াও আম নিকিনে। এতেকে, —গোটেই জীৱনত কোনো মানুহক এবেলি মাথোন ঠগিব পৰা, to be able to deal with a person badly only once during one's life time i. e. for the first time only after which one is found out and avoided during the rest of his life.

টেঙ্গা দিয়া—-ক্ৰি, টেঙ্গা বস্তু খাবলৈ বেয়া। এতেকে,—বেজাৰ-অসন্তোষ দিয়া, to displease,

টেটুত ক্ষুৰ দিলেও ফুটা কড়ি এটা নোলোৱা—বিং, যদি ডকাইত আহি টেটুত ক্ষুৰ দি কয় “এটা ফুটা কড়ি উলিয়াই দে, নহলে তোক কাটি পেলাম” তথাপি সি সিমানকে উলিয়াব নোৱাৰে। এতেকে,—নিচেই টোকোনা মানুহ, poorest of the poor