পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জ্ঞাতিয়ে
জ্বালে-জোলে
১১৩

জ্ঞাতিয়ে অগা-ভেটা নকৰিলে গঙ্গা পাব গৈ পৰা --ক্ৰি, কোনো কুকুৰে অচিনাকি কুকুৰ বাটত দেখিলে তাক অগা-ভেটা কৰি কামোৰা-কামুৰি কৰে। কুকুৰে একেৰাহে ভাগৰ নলগাকৈ গৈ থাকিব পাৰে। সি কয় :- “মোক যদি জ্ঞাতিয়ে অগা-ভেটা নকৰিলেহেঁতেন, মই গৈ গঙ্গা স্নান কৰি সদ্গতি পাব পাৰিলোঁহেঁতেন। এতেকে,—জ্ঞাতিৰ বাধা নাপালে বহু উন্নতি কৰিব পৰা, to be able to rise to eminence but for obstacles put in one's way by kith and kin. জ্ঞানে গৰকা—ক্ৰি, [জ্ঞানেৰে গৰকা] কোনো বস্তু ভৰিৰে গৰকিলে সি লেও- সেও হয়। কথাৰো কঠিনতা ভাগিলে আৰু ভাল-ৰূপে বুজিলে সি লেও-সেও হয়। এতেকে,—কোনো কথা পৰে নোকোৱাকৈ নিজ জ্ঞানৰ দ্বাৰা ভালৰূপে বুজি লোৱা, to consider within one- self the pros and cons of anything. জ্বলা জুইত হাত সুমোৱা—ক্ৰি, জ্বলি থকা জুইত হাত সুমালে সি পুড়ি-দেই যায়। এতেকে,—দেখাদেখি ডাঙ্গৰ বিপদত উপযাচি পৰা, to embrace danger deliberately. জ্বাল খোৱা—ক্ৰি, কোনো মানুহক বৰকৈ মাৰ-কীল কৰিলে তাৰ গাত বিষ হয়। তেতিয়া সি যদি জ্বাল খায়, তেনেহলে বিষ কমে। এতেকে,— বৰকৈ মাৰ-কীল খোৱা, to be beaten soundly. জ্বালত দিয়া সোণ—বিং, সোণ জ্বালত দিলে অৰ্থাৎ জুইত পুড়িলে সি অতি উজ্জ্বল হয়। এতেকে,—অতি গুৱনী মানুহ, a bright and beautiful person. জ্বালে-জোলে খোৱা—ক্ৰি, দুখীয়া মানুহৰ আঞ্জা পাচলি নথকাত জুলীয়া হয়। তাকে সিহঁতে জলকীয়া বা জালুকৰ জ্বাল দি খায়। এতেকে,—দুখীয়া, খাৱনেৰে খোৱা, to live on a plain diet.


১৫