পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জুপুৰা
জোখা
১১১

যেনি সুবিধা পায় তেনি বাগৰি যায়, অৰ্থাৎ সেই ফাললৈকে মত পৰিবৰ্ত্তন কৰে। এতেকে,—অস্থিৰ মতৰ মানুহ, one without a fixed principle of his own, all irresolute person, a waverer.

জুপুৰা হাবিত বাঘ থকা—ক্ৰি, (জুপুৰা =সৰু। ) চাপৰিত জুপুৰা হাবি থাকে, আৰু তাত গৰু মহ চৰে। গৰু মহ ধৰিবৰ নিমিত্তে বাঘে ডাঙ্গৰ হাবিৰপৰা আহি তেনে ঠাইত আহাৰ বিচাৰি ফুৰে। এতেকে,— সৰু সুৰা কাৰ্য্যত ডাঙ্গৰ ভয়ৰ কাৰণ থকা. the happening of danger in small matters.

জুুলুকি জুলুকি শিকোৱা—ক্ৰি, [জোলোকা জোলোকে শিকোৱা] অতি বেজাৰত টেটু শুকায়, তেতিয়া জোলোকা-জোলোকে পানী খাব লাগে। এই স্থলত কোৱা হৈছে যে এনে শিকনি দিয়া হয়, যে মানুহটোৱে জোলোকা-জোলোকে পানী খাব লগীয়া হয়। এতেকে,— উগ্ৰ দণ্ড দিয়া, নানা প্ৰকাৰ আহুকাল কৰা, to punish severely, to annoy in different ways.

জেঠ-মহীয়া পকা আম যেই সেই জোপাই সোৱাদ হোৱা—ক্ৰি, আম কেঁচা অৱস্থাত টেঙ্গা হৈ থাকে, পকিলে সোৱাদ হয়। স্বভাৱতে কোনো আম টেঙ্গা আৰু কোনো আম সোৱাদ। কিন্তু পকিলে সকলো- বিলাক আম সোৱাদ হয়। জাতত আম টেঙ্গা নে সোৱাদ, কেঁচা অৱস্থাত খাই চালে হে চিন পোৱা যায়। জেঠ মাহত সকলো আম পকে। এতেকে,—উপযুক্ত সময়ত যেই সেই বস্তু সোৱাদ হোৱা, the turning out of a thing to be sweet in its proper time.

জেৰেঙ্গালৈ নিয়া—ক্ৰি, আহোম ৰজাৰ দিনত শিৱসাগৰৰ ওচৰত জেৰেঙ্গা পথাৰত অপৰাধীক প্ৰাণদণ্ড দিয়া হৈছিল। এতেকে,—প্ৰাণদণ্ড দিয়া, to condemn a person to death.

জোকৰ মুখত চুণ দিয়া—ক্ৰি, জোকৰ মুখত চূণ দিলে সি তৎক্ষণাৎ মৰি যায়। এতেকে,—যাক যি প্ৰকাৰেৰে ঘটুৱাব লাগে তাক সেই প্ৰকাৰেৰে ঘটুওৱা, to punish a person appropriately.

জোখা লগা—ক্ৰি, নিয়মিত জোখত লগা। (অধিকাংশ স্থলত ব্যাঙ্গাৰ্থত ব্যৱহৃত হয়। তেতিয়া তাৰ অৰ্থ ওলোটা হয় , যেনে—নিয়মিত জোখত