পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অজগৰ
অতি-ভক্তি

ঢেঁকীত লগাব নালাগে। এতেকে,-যাৰ আঁতি-গুৰি চিনি পোৱা নাযায় তেনে মানুহেৰে সৈতে সামান্য কাৰ্যতো সম্পৰ্ক নৰখা, to keep absolutely no concern in any matter, however trivial it may be, with one whose antecedents are not known.

অজগৰ সাপ— বিং, লৰিব-চৰিব নোৱাৰা গাৱাল মানুহ, উঠিব লৰিবলৈ মন নোযোৱা ধোদা মানুহ, a corpulent person, a sluggard.

অজাতিত খোৱা— ক্ৰি, খোৱা= সম্ভোগ কৰা, অজাতি=যাৰ জাতি নাই, হীন−জাতীয়। এতেকে, -হীনজাতীয় তিৰোতা সম্ভোগ কৰা, to have sexual intercourse with a woman of low caste.

অজামিল— বিং, আগৰ দিনত এই নামে এজন মহাপাপী বামুণ আছিল। এতেকে,-মহা, দুষ্ট মানুহ, a too wicked person.

অজীণ-পাতকী— বিণ যি মানুহে লোকৰ লগত জীণ যাব নোৱাৰা পাতক কৰে তেনে মানুহ, a quarrelsome person.

অজীণাশ— বি. [অজীৰ্ণাশী] যি মানুহে লোকৰ লগত খাই বৈ জীণ যাব নোৱাৰে অৰ্থাৎ মিলিব নোৱাৰে তেনে মানুহ, a quarrelsome person.

অজৌ−কালৰ বজৌ−গুটি—বি, [আজো-কালৰ বজ্ৰ-গুটি] আজো-ককাৰ দিনৰ বজ্ৰময় গুটি, অৰ্থাৎ বহু বয়স হোৱা হাড়-টান কটীয়া মানুহ (বহু-দিনীয়া গছ হলে তাৰ গুটিবিলাক নিচেই সৰু হয় এই ভাব বুজোৱা হৈছে, a strong built dwarfish follow.

অণ্ঠে-কণ্ঠে শুকোৱা—ক্ৰি, বৰকৈ বেজাৰ পালে অণ্ঠে-কণ্ঠে শুকায়। এতেকে, বৰকৈ বেজাৰ পোৱা, to be deeply aggrieved.

অ’ত থিয় হোৱা ত’ত থিয় হোৱা— ক্ৰি, অ’ত থিয় হৈ ত’ত থিয় হৈ বেলি পৰিবৰ হৈছে নে নাই চাই থাকে যাতে গধূলি হলে কাম-বন এৰি জিৰাব পৰা যায়। এতেকে -অবাবত কাল নিওৱা, to waste time in idleness

অতি চিৰী হ’লে হত-চিৰী হোৱা— ক্ৰি, [অতি-শ্ৰী হ’লে হত শ্ৰী হোৱা] কোনো কামৰ মাত্ৰা অতিৰিক্ত হ’লে ফল ভাল নোহোৱা, to come to grief if one goes to extremes.

অতি ভক্তি হ’লে চোৰৰ লক্ষণ হোৱা— ক্ৰি, যি মানুহে নিয়মিত ভক্তিৰ বহিৰ্ভূত