পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জিবাখন
জীয়া
১০৮

সেই কথাৰে মাছ খাবলৈ খুজিছে বুলি মাকে ভাবে। এতেকে,— মাছ। (কেঁচুৱা লৰাৰ সম্পৰ্কে ব্যবহৃত হয়) fish served in a dish (applied with reference to a baby.)

জিবাখন কাটি পেলোৱা—ক্ৰি জিবাৰ সাহায্যেৰে কথা কোৱা হয়। এবেলি কোনো কথা কৈ তাৰ পাচত নাই কোৱা বুলি আসৈ মাতিলে জিবা কাটি পেলোৱাৰ নিচিনা হয়। এতেকে,—এবেলি কোনো কথা কৈ ঘূৰি আসৈ মতা, কথা লৰোৱা to withdraw a word once spoken.

জিবাত পানী ওলোৱা—ক্ৰি, ভাল বস্তু খাবৰ নিমিত্তে হেঁপাহ হলে জিবাৰ পানী ওলায়। এতেকে,—কোনো ভাল বস্তুৰ নিমিত্তে হেঁপাহ হোৱা, to feel the temptation of anything too strongly.

জিৰণীয়া মৌ—বিং, মৌ-জাক উড়ি যাওঁতে বাটত সুবিধাজনক ঠাইত ৰৈ অলপ পৰ জিৰাই সেই ঠাই এৰি গুচি যায়। এতেকে,—কোনো ঠাইত স্বাৰ্থৰ নিমিত্তে অস্থায়ীভাৱে থকা মানুহ, a person who resides in a certain place temporarily to serve his selfish ends,

জী-মৰা জোৱাঁই—বিং, জীয়েক মৰিলে জোৱাঁয়েকলৈ পূৰ্ব্বৰ দৰে মৰম-চেনেহ নাথাকে। এতেকে,—যাৰপৰা সম্বন্ধ ঘটে সেইজন আঁতৰা বাবে মৰম-চেনেহৰ পৰা বঞ্চিত হোৱা মানুহ, মৰম হেৰুওৱা মানুহ, one losing the love of another on account of the loss of a person dear to both,

জীয়া জুই—বিং, জুইয়ে চেংচেঙ্গায়। কোনো আপোন মানুহক ডাঙ্গৰ বিপদত পৰা দেখিলেও গা চেংচেঙ্গায়। প্ৰভেদ এয়ে যে জুই মৰা, কিন্তু বিপদগ্ৰস্ত লোক জীয়া। জীয়া জুইৰ তাপ মৰা জুইৰ তাপতকৈ বেচি বোধ হয়, এই ভাব বুজোৱা হৈছে। জীয়া জুইয়ে আন্তৰিক তাপ দিয়ে, মৰা জুইয়ে বাহ্যিক তাপ দিয়ে। এতেকে,— অত্যন্ত সন্তাপদায়ক, ঘোৰ বিপদগ্ৰস্ত আত্মীয় মানুহ, a beloved person in great affliction.

জীয়া বাঁৰী—বিং, [ গিৰিয়েক জীয়াতে বাঁৰী ] গিৰিয়েক জীয়াই থাকোঁতেই বাৰীৰ তুল্য ব্যৱহাৰ পোৱা তিৰোতা, a neglected wife.