পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জানন্তে
জিজি
১০৭

or small, infinitesimal.

জানন্তা মোমা—বিং, (সাধুকথা) গাওঁৰ ভিতৰত সকলোতকৈ জনা বুলি জানন্তা মোমা নাম পাইছিল। নিগনি কি জন্তু চিনিব নোৱাৰি সকলো মানুহে জানন্তা মোমাক সুধিবলৈ গল। জানন্ত মোমাই মনতে ভাবি চালে :-“ইয়াক পানীত পেলাই চোৱা যাওক। যদি ই তললৈ যায়, তেনেহলে হাতী আৰু যদি ওপঙ্গে তেনেহ’লে পানী কাউৰী। ” ইয়াকে ভাবি জানন্তা মোমাই নিগনিটো পানীত পেলাই দিলে। নিগনি পানীৰ তললৈ যোৱাত সি যে প্ৰকৃততে হাতী এই কথা জানন্তা মোমাই সকলোকে বুজাই দিলে। এতেকে,—জনা বুলি মিছা গণ্ডপ মৰা মানুহ, an ignoramus, a vain pretender to know- ledge.

জাপৰ কাপোৰ—বিং, ৰাতি শোওঁতে কেইবা তৰপীয়াকৈ জাপি ডাঠ কৰি কাপোৰ গাত লোৱা হয়। এতেকে—শোওঁতে গাত লোৱা কাপোৰ, a cloth used as a covering in bed.

জাৰি জোকাৰি দিয়া—বিং, কোনো বস্তু দি এঁটাই পাত্ৰটোত যি দুটা এটা লাগি থাকে, পাচত তাকে জাৰি জোকাৰি দিয়া হয় বোলা হৈছে। এতেকে,— একো বাকি নৰখাকৈ দিয়া, to give away the entire quantity.

জাল পতা,—ক্ৰি, পহু ধৰিবৰ নিমিত্তে জাল পতা হয়। এতেকে,—অপকাৰ কৰিবৰ নিমিত্তে ফিকিৰ পতা, to plan, design, conspire.

জাল ফালি হৰিণা যোৱা—ক্ৰি, জাল পাতি হৰিণা ধৰা হয়। জালত পৰিলে কেতিয়াবা হৰিণাই জাল ফালি পলাই যায়। এতেকে,—শত্ৰুৰ কৌশল ভেদ কৰি সাৰি যোৱা, to outwit an enemy.

জালকে জকাই বোলা—ক্ৰি, জাল শব্দে এই স্থলত সৰু ঘোকোটা জাল বুজাইছে তেনে জাল আৰু জকাইৰ আকৃতিৰ ভিতৰত বহু দূৰ সাদৃশ্য আছে মাছ ধৰিবলৈ যেতিয়া বৰকৈ লৰালৰি লাগে, তেতিয়া জকাই বিচাৰি গৈ ভুলত জালকে জকাই বুলি অনা হয়, এই ভাব বুজোৱা হৈছে। এতেকে,—ভুলত এটাক আন এটা বুলি ধৰা, to commit a mistake of identity.

জি-জি—বিং, মাত নুফুটা কেঁচুৱা লৰাই ’জি-জি’ শব্দ উচ্চাৰণ কৰে। পৰাই