পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জগত-জননী
জয়-কালত
১০৪

জ।

জগত-জননী পতিত পাৱনী—বিণ, যাক জগতৰ মানুহে জানে অৰু যি পতিত লোকক পবিত্ৰ কৰে। এতেকে,—সুপ্ৰসিদ্ধ আৰু অসাধাৰণ ক্ষমতা- শালী, renowned and talented.

জগ কাঠ—বিং, [ জেবা কাঠ ] নৈত উটি অহা জেকি থকা কাঠ। এনে কাঠ যতে ততে লাগি পৰি থাকে। এতেকে,—লৰ-চৰ কৰিব নোখোজা এলেহুৱা মানুহ, a too lazy person.

জড়ভৰত হোৱা,—ক্ৰি, পূৰ্ব্ব-কালত ভৰত ৰজাই মৌনব্ৰত অৱলম্বন কৰিছিল। তেওঁক তেতিয়া জড়-অৱস্থাপন্ন যেন দেখা গৈছিল। এতেকে,— নমতা-নোবোলা হোৱা, মৌন হোৱা, to become mute.

জধা মূৰ্খ- বিণ [ জড় মূৰ্খ ] জড়বৎ মূৰ্খ অৰ্থাৎ ঘোৰ মূৰ্খ, a blockhead.

জনম-জাতি কোৱা—ক্ৰি, জন্ম-জাতি ইত্যাদিৰ বিষয়ে বিৱৰণ কোৱা, আঁতি-গুড়ি কোৱা, to give a narrative of one's life.

জনমতি যোৱা—ক্ৰি, [ জনম-টি যোৱা ] জনম =জন্মৱধি কাল, গোটেই জীৱন। এতেকে,—গোটেই জীৱন দুখত অতিবাহিত হোৱা, to be miserable throughout one's life.

জনমৰ দুখীয়া—বিণ, গোটেই জনম দুখীয়া, আজন্ম দুখীয়া, steeped in life- long poverty.

জনাই-নজনাই—ক্ৰি-বিণ, আধা-জনাকৈ আৰু আধা-নজনাকৈ, with partial knowledge, ill-knowingly.

জনাৰ ভাত মাছ—বিং, ভাত মাছ খাবলৈ যত্ন কৰিব নালাগে। যি কোনো কাৰ্য্যত অভিজ্ঞ, সি সেই কাৰ্য্য অনায়াসে কৰিব পাৰে। এতেকে,— অভিজ্ঞ লোকৰ পক্ষে সহজ-সাধ্য কাৰ্য্য, a simple matter to an experienced person.

জয়-কালত ভয় নোহোৱা—ক্ৰি, যেতিয়া কোনো লোকৰ দিন ভাল থাকে, তেতিয়া শত্ৰুৱে তাৰ অহিতসাধন কৰিব নোৱাৰে। এতেকে,—সৌভাগ্য থাকিলে কোনো বিষয়ে ঘাটি হবৰ আশঙ্কা নোহোৱা, to have no reason for apprehension when one's stars are on the ascendant.