পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া খণ্ডবাক্য-কোষ।


অ।

অঁকৰা মৈত উঠা—ক্ৰি, চহোৱা মাটি মৈৰে সমান কৰা হয়। মৈৰ ওপৰত এজন মানুহ উঠে আৰু গৰুৱে তাক টানি লৈ যায়। অঁকৰা মানুহে মৈত উঠিবলৈ পালে তাৰপৰা নামিব নোখোজে। এতেকে,--কোনো কাৰ্য্যত হাত দিলে তাক এৰিব নোখোজা, কোনো কাৰ্য্য আঁকোৰ্গোজালিকৈ কৰিবলৈ ধৰা, to persist in doing a thing obstinately.

অকলশৰীয়া পহু—বিং, পহু লগেৰে চৰে। এতেকে,—লগৰীয়া নোহাৱা মানুহ, a lonely helpless person.

অকলৈ শকত—বিণ, সকাম-নিকামত দুই চাৰি ভকত লাগে। এতেকে,—পৰৰ সাহায্য নোহোৱাকৈ আপোনা-আপুনি সক্ষম, self-sufficient

অকাল-কুষ্মাণ্ড—বিং, অকালত প্ৰসৱ হোৱা কুষ্মাণ্ডৰ দৰে লোপ্ থোপ্ ভ্ৰূণ, অমঙ্গলীয়া মানুহ, an abominable person.

অগুৰুৱা—বিণ, গুৰুত শৰণ নোলোৱা, অশৰণীয়া, অনাচাৰী, uninitiated, impure.

অচলা ভক্তি—বিং, লৰচৰ নোহোৱা ভক্তি, স্থিৰ ভক্তি, unshakeable faith, deep piety.

অচলা লক্ষী—বি, লক্ষ্মী = ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেবী। অচলা=স্থানান্তৰ নোহোৱা। এতেকে-চিৰস্থায়ী ঐশ্বৰ্য্য বিভূতি, abiding fortune. অচিন কাঠৰ থোৰাকো নলগোৱা—ক্ৰি, যি কাঠ চিনি পোৱা নাযায়, তাৰ থোৰাকো