পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চিকুনাই
চিলনী-সাঁতোৰ
৯৫

চিকুণ আছিল। এতেকে,—পৰিষ্কাৰ পৰিচ্ছন্ন মানুহ, a comely, neat or tidy person.

চিকুনাই কথা কোৱা—ক্ৰি, সাজ-পাৰ পিন্ধাই চিকুণ কৰি কথা কোৱা, শুনিবলৈ শুৱলা কৰি কথা কোৱা, to speak in a polished style.

চিঞৰত গগন ফলা—ক্ৰি, বৰকৈ চিঞৰ মাৰিলে শব্দ গৈ গগন লঙ্ঘে। এই স্থলত চিঞৰ ইমান টান বুলি কোৱা হৈছে, যে তাৰ শব্দ আকাশলৈ উঠি, আকাশ ফালি পেলায়। এতেকে,—বৰকৈ চিঞৰ-বাখৰ কৰা, to rend the sky with loud cries.

চিত হৈ মাৰলি লেখা—ক্ৰি, নৰিয়া মানুহে চিত হৈ পৰি থাকোতে চালৰ মাৰলি বিলাক দেখা পায়। ঘৰটোত কেই ডাল মাৰলি আছে, তাকে মনতে লেখি সময় খেদায়। এতেকে,—নৰিয়া পৰা, to be confined to bed with a severe attack of illness.

চিপ টনা—ক্ৰি, মৰিবৰ সময়ত মানুহে উশাহ লওঁতে, বৰশীৰ চিপ টান মাৰিলে যেনে দেখা যায় তেনেভাৱে, মূৰটো দাং খাই যায়। এতেকে,— মৰণৰ কাল উপস্থিত হোৱা, respire convulsively i.e. to be on the point of death.

চিৰাল-ফটা দিয়া—ক্ৰি, চিৰাল পকিলে বৰকৈ ফাটে। এতেকে,—চিৰাচিৰকৈ ফটা, to be cracked thoroughly.

চিলনী আই—বিং, [ ‘চিলনী জীয়েক’ চোৱাঁ ] কোনো ছোৱালী আলসুৱা আৰু আজলী। তাইক গিৰিয়েকৰ ঘৰতো মাকে গৈ গৃহস্থালি কাৰ্য্যত দেখুৱাই-শুনুৱাই দিব লাগে। এতেকে,—আজলী ছোৱালীৰ টেঙ্গৰী মাক। a clever mother of a simple girl.

চিলনী জীয়েক—বিং, (সাধু কথা) মানুহৰ ছোৱালী এটী চিলনীয়ে পাই তুলি তালি ডাঙ্গৰ-দীঘল কৰি বিয়া দিলে। কিন্তু মনুষ্য-সমাজত নথকাৰ নিমিত্তে তাই গৃহস্থালি কাৰ্য্য নাজানিছিল। কোনো কাৰ্য্য কৰিব নোৱাৰিলে তাই চিলনী-মাকক মাতে। চিলনীয়ে উড়ি গৈ দিহা কৰি দি সেই কাৰ্য্য উত্তমৰূপে কৰোৱাই দিয়ে। এতেকে,— আলসুৱা আজলী ছোৱালী, a beloved simple girl.

চিলনী-সাঁতোৰ—বিং, আকাশত চিলনী উড়ি ফুৰে। কোনো মানুহে পানীত