পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চাং-পতা
চালি-জাৰি
৯৩

চাং-পতা কথা—বিং, মিছাৰ খুটা লগোৱা চাদত স্থাপিত কথা, মিছা গল্প, a false story.

চাঙ্গত তুলি ধোঁৱা দিয়া—ক্ৰি, কেঁচা কল চাঙ্গৰ ওপৰত তুলি ধোঁৱা দিলে সি শীঘ্ৰে পকে। এতেকে,—যতনেৰে ৰখা, (ব্যঙ্গাৰ্থ ) to maintain with tender care (used ironically).

চাঙ্গিত উঠা,—ক্ৰি, মানুহ মৰিলে শৱ চাঙ্গিত তুলি মৰি-শালিলৈ নিয়া হয়। এতেকে,—মৰা, to die.

চাপৰি যোৱাকে কুঁজা বোলা—ক্ৰি, কুঁজা মানুহে গাটো পোন কৰি যাব নোৱাৰে, চাপৰি খোজ কাঢ়ে। কোনো কুঁজাৰ সম্পৰ্কে কোৱা হৈছে যে সি চাপৰি গৈছিল। এতেকে,—কোনো অপ্ৰিয় কথা পোনে-পোনে স্বীকাৰ নকৰি বেঁক বাটে স্বীকাৰ কৰা, to admit an unplea- sant thing in a round-about way.

চাপৰিয়ালৰ দোন—বিং, চাউল আদি জোখৰ দোনত ১০ কঠা ধৰে। কিন্তু চাপৰিয়ালৰ দোনবিলাকত ৭ কঠাতকৈ বেচি নধৰিছিল। এতেকে,— কম জোখৰ দোন, a short measure.

চামৰ পিৰা পাৰি দিয়া—ক্ৰি, মান-সম্ভ্ৰম দেখুৱাবলৈ হলে আলহিক চামৰ পিৰা, পাৰি দিয়া হয়। এতেকে,—মান-সন্ত্ৰম দেখুওৱা, to show high regard.

চাৰি আঙ্গুলীয়া কপাল—বিং, যাৰ কপাল বহল তাৰ ভাগ্য ভাল, আৰু যাৰ কপাল ঠেক তাৰ ভাগ্য বেয়া বুলি কয়। (চাৰি আঙ্গুলীয়া = ঠেক। ) এতেকে,—মন্দ ভাগ্য, bad luck.

চাৰি আলিৰ ৰটনি—বিং, [ চাৰি আলিৰ মূৰৰ ৰটনি ] চাৰিটা আলিয়ে দি মানুহ আহি মূৰতে লগ লয়। তাতে নানা জনে নানা কথা ৰটে। এতেকে,—বাটৰুৱা মানুহৰ দায়িত্বহীন উক্তি, a haphazard statement by an irresponsible person.

চাৰি ঢাপৰ বাজ—বিণ, মানুহে টোলৰ চাৰিও পোনে ঢাপ মাৰে। এতেকে,— টোলৰ বাজ অৰ্থাৎ সকলো প্ৰকাৰৰ সম্পৰ্কৰহিত, outside the pale of anything.

চালি-জাৰি থকা—ক্ৰি, চালিলে জাৰিলে ধান-চাউল ইফালৰপৰা সিফাললৈ যায়, সিফালৰপৰা ইফাললৈ আহে। এতেকে,—লৰুৱাই ফুৰোৱা,