পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চৰাইটি
চল
৯১

অৰ্থাৎ ঈষৎ, পৰিমাণ বিভূতিৰ দ্বাৰা ইতৰ মানুহৰ জীৱনউদ্ধাৰ, কৰিব পাৰে বোলা হৈছে। এতেকে,—যৎসামান্য সাহায্যৰ দ্বাৰা উদ্ধাৰ কৰা to save one by showing the slightest favour (said of a great man ).

চৰাইটি হৈ ধানটি খুঁটি নোখাৱা—ক্ৰি, চৰায়ে ধান এটি খুঁটি খালে অতি সামান্য অপকাৰ হয়। এই স্থলত তেনেকুৱা সামান্য অপকাৰো নকৰে বোলা হৈছে। এতেকে,—যৎকিঞ্চিং অপকাৰ নকৰা, এফেৰি অহিতা- চৰণ নকৰা, to refrain from doing even the slightest injury.

চৰিয়াই গাল দোন যেন কৰা—ক্ৰি, চৰিয়ালে গাল উখহি পৰে। এই স্থলত ইমান উখহে বোলা হৈছে, যে গালে দোনৰ আকৃতি ধাৰণ কৰিছে। এতেকে,—বৰকৈ চৰিওৱা, to slap severly on the cheek.

চৰুক সুধি চাউল বহোৱা—ক্ৰি, চৰুত চাউল বহাই ভাত ৰন্ধা হয়। কিন্তু চাউল বহাব লাগে নে নালাগে, সেই বিষয়ে চৰুৰ অনুমতি লোৱা নাযায়। এতেকে সৰ্ব্বতোভাৱে তলতীয়া মানুহৰ অনুমতি লৈ কাৰ্য্য কৰা, to be dictated by an underling who is the principal interested party.

চৰুত খাতী—বিণ, কেতিয়াবা কোনো ৰান্ধণীয়ে ভাত ৰান্ধি থাকোঁতে লোভ সামৰিব নোৱাৰি চৰুতে কিবাকিবি ভাল বস্তু খায়। এতেকে,— লুভুনী, greedy (said of a woman).

চৰুলৈ জ্বাল নোযোৱা—ক্ৰি, (চৰু =ভাতৰ চৰু। জ্বাল=জুইৰ জ্বাল। ) ভাত নাৰান্ধিলে লঘোনে থাকিব লগীয়া হয়। এতেকে,—সমূলি অনাহাৰে থকা, to remain absolutely without food.

চৰাই-কাণে পহু-কাণে শুনা—ক্ৰি, [চৰাই-কাণেৰে পশু-কাণেৰে শুনা] কোনো কথা পশু-পক্ষীয়ে শুনি কোৱা-মেলা কৰাত সেই কথা বতাহত উৰি অহাত শুনিবলৈ পোৱা যায় বোলা হৈছে। এতেকে,—কৰবাত কোনোবা মানুহৰ মুখে শুনা, উৰা-বাতৰি-স্বৰূপে শুনা, to hear anything through wild rumour.

চল পাই চাপৰি বোৱা—ক্ৰি, (চাপৰি বোৱা=নাম-প্ৰসঙ্গ কৰা। ) চল ঠাই নহলে নাম-প্ৰসঙ্গ কৰিব নোৱাৰি। এতেকে,—সুবিধা পাই আনন্দ-