পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চ’তৰ
চৰণে
৯০

to-do people by a party of Brahmin students wander ing about in the month of Chaitra.

চ’তৰ বিহুলৈ ছমাহ থাকোঁতেই হাত মেলি নচা—ক্ৰি, চ’তৰ বিহুত মানুহে উৰাই- ঘূৰাই নাচে। এই স্থলত কোৱা হৈছে, যে চ’তৰ বিহুলৈ ছমাহ থাকোঁতেই, সেই উপলক্ষে এতিয়াই হাত মেলি নাচে। এতেকে, আনন্দৰ কাৰণ প্ৰকৃততে উপস্থিত নৌ হওঁতে আনন্দপ্ৰকাশ কৰা, to express pleasure before the cause of pleasure actually arrives.

চতিয়া-চতি কৰা—ক্ৰি, চ'তৰ মাহত শিপিণীবিলাকে, বিহুলৈ কাৰ কাপোৰ আগৈয়ে ওলায়, সেই কথাৰে অড়িয়া-অড়ি কৰে। তাকে ‘চতিয়া-চতি’ কৰা বোলে। এতেকে,—অড়িয়া-অড়ি কৰা, to vie with each other.

চনকা মানুহ—বিং, গছৰ ডাল চনকা হলে বেগতে ভাগি পাৰে। সেইৰূপে মানুহৰ মন চনকা হলে ভাগি যায় অৰ্থাৎ সেই মানুহে কোনো একেটা কথাতে লাগি নাথাকি ফচ্‌-কৰে তাক এৰি পেলায়। (চনকা =চন- চনীয়া, চন-চন কৰে এৰাই পৰা। ) এতেকে,—কোমল মনৰ মানুহ, a person who is yielding in nature.

চয়-নিচয় কৰা—(নিচয় = নিশ্চয়। ) সিদ্ধান্ত বা নিষ্পত্তি কৰা to decide one way or the other.

চৰখৰীয়াত পৰা—ক্ৰি, নৈত চৰখৰীয়া বালি পৰে। তাৰ ওপৰে পানী থাকে। পানীৰ গভীৰতা বুজিব নোৱাৰি সেই পোনে নাও চলাই নিলে নাও লাগি ধৰে। এতেকে,—বিপদ অনুমান কৰিব নোৱাৰি হঠাৎ গৈ বিপদত পৰা, to run into danger unawares.

চৰণৰ ছাঁ—বিং, বৰলোকৰ বৰগছেৰে ৰিজোৱা হৈছে। বৰগছে ছাঁৰ দ্বাৰা আশ্ৰয় দিয়ে। বৰলোকে বিভূতিৰ দ্বাৰা আশ্ৰয় দিয়ে। ঈষৎ পৰিমাণ বুজাবৰ নিমিত্তে ‘চৰণ’ শব্দৰ প্ৰয়োগ হৈছে। এতেকে,— ঈষৎ পৰিমাণ বিভূতিৰ দ্বাৰা আশ্ৰয়দান, protection afforded by a great man at a trifling cost.

চৰণে চপাই ধৰা—ক্ৰি, নাও সোঁতত উটি যাব খুজিলে ভৰিৰে চপাই ধৰা হয়। এই স্থলত, জীৱনক নাওৱেৰে ৰিজোৱা হৈছে। বৰলোকে চৰণেৰে